'কেৰালা ষ্ট'ৰী ২'ৰ প্যান ইণ্ডিয়া পৰিকল্পনা, দৰ্শকৰ মাজত দুটা নতুন ভাষাত ট্ৰেইলাৰ মুক্তি
চলচ্চিত্ৰ নিৰ্মাতা বিপুল অমৃতলাল শ্বাহৰ বহু প্ৰত্যাশিত ছবি দ্য কেৰাল ষ্ট''ৰী ২ – গ''জ বেয়ণ্ড এতিয়া ব্যাপক দৰ্শকৰ মাজলৈ যাবলৈ সাজু হৈছে। ছবিখন হিন্দী, তেলেগু, আৰু কানাড়া ভাষাত মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে নিৰ্মাতাসকলে। এই ভাষাসমূহৰ ট্ৰেইলাৰসমূহ
द केरल स्टोरी 2


চলচ্চিত্ৰ নিৰ্মাতা বিপুল অমৃতলাল শ্বাহৰ বহু প্ৰত্যাশিত ছবি দ্য কেৰাল ষ্ট'ৰী ২ – গ'জ বেয়ণ্ড এতিয়া ব্যাপক দৰ্শকৰ মাজলৈ যাবলৈ সাজু হৈছে। ছবিখন হিন্দী, তেলেগু, আৰু কানাড়া ভাষাত মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে নিৰ্মাতাসকলে। এই ভাষাসমূহৰ ট্ৰেইলাৰসমূহো মুকলি কৰা হৈছে, যাৰ ফলত ছবিখনৰ প্ৰসাৰ আৰু অধিক বহল হৈছে।

ছানশ্বাইন পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত এই ছবিখনে এতিয়া আঞ্চলিক সীমা অতিক্ৰম কৰি সমগ্ৰ ভাৰতীয় দৰ্শকলৈ নিজৰ প্ৰসাৰ ঘটাবলৈ সক্ষম হৈছে। ছবিখনৰ লক্ষ্য হৈছে হিন্দী বেল্টৰ বাহিৰলৈও সম্প্ৰসাৰণ আৰু দক্ষিণ ভাৰতৰ বজাৰতো এক শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰা।

সংবেদনশীল আৰু সামাজিকভাৱে প্ৰাসংগিক ছবিৰ বাবে পৰিচিত ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক কামাখ্যা নাৰায়ণ সিঙে এই ছবিখনৰ পৰিচালনা কৰিছে। তেওঁৰ ছবি ভোৰই আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰাৰ বিপৰীতে তেওঁৰ তথ্যচিত্ৰ জাষ্টিচ ডিলেইড বাট ডেলিভাৰডক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়।

শেহতীয়াকৈ মুক্তি পোৱা হিন্দী ট্ৰেইলাৰটোৱে দৰ্শকৰ প্ৰচণ্ড সঁহাৰি লাভ কৰিছে। উলকা গুপ্তা, অদিতি ভাটিয়া, আৰু ঐশ্বৰ্য ওঝাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। তেওঁলোকৰ চৰিত্ৰৰ পোষ্টাৰে ইতিমধ্যে দৰ্শকৰ মাজত ব্যাপক আলোচনাৰ সৃষ্টি কৰিছে, যিয়ে কাহিনীৰ গভীৰতা আৰু আৱেগিক গভীৰতাক প্ৰতিফলিত কৰিছে।

নিৰ্মাতাসকলৰ মতে প্ৰথম খণ্ডৰ সফলতা আৰু দেশজোৰা বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি ছবিখনৰ কাহিনীয়ে বহল দৰ্শকৰ মাজলৈ যোৱাটো নিশ্চিত কৰিবলৈ একাধিক ভাষাত মুক্তি দিয়াটো অতি প্ৰয়োজনীয় আছিল। অহা ২৭ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব ‘দ্য কেৰেলা ষ্ট’ৰী ২ – গ’জ বিয়ণ্ড’। ছবিখনে প্ৰথম খণ্ডৰ দৰেই দৰ্শকৰ মাজত আলোচনা আৰু সংলাপৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande