মহিলা সংৰক্ষণৰ নামত সীমা নিৰ্ধাৰণৰ জৰিয়তে নিৰ্বাচনী মানচিত্ৰ সলনি কৰাৰ প্ৰয়াস-ৰাহুল গান্ধী
নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। লোকসভাৰ আসনৰ সংখ্যা ৫৪৩খনৰ পৰা ৮৫০খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ সন্দৰ্ভত লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে মহিলা সংৰক্ষণক অগ্ৰাধিকাৰ দি দেশৰ নিৰ্বাচনী মানচিত্ৰ পৰিসীমাকৰণৰ জৰিয়তে সলনি কৰাৰ লগতে ভাৰতীয়
कांग्रेस नए मुख्यालय में पत्रकार वार्ता को संबोधित करते लोकसभा में नेता प्रतिपक्ष राहुल गांधी।


कांग्रेस नए मुख्यालय में पत्रकार वार्ता को संबोधित करते लोकसभा में नेता प्रतिपक्ष राहुल गांधी।


कांग्रेस नए मुख्यालय में पत्रकार वार्ता को संबोधित करते लोकसभा में नेता प्रतिपक्ष राहुल गांधी।


নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। লোকসভাৰ আসনৰ সংখ্যা ৫৪৩খনৰ পৰা ৮৫০খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ সন্দৰ্ভত লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে মহিলা সংৰক্ষণক অগ্ৰাধিকাৰ দি দেশৰ নিৰ্বাচনী মানচিত্ৰ পৰিসীমাকৰণৰ জৰিয়তে সলনি কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বাবে ৰাজনৈতিক সুবিধা লাভ কৰাৰ প্ৰয়াস কৰা হৈছে। সীমা নিৰ্ধাৰণৰ বাবে সৰ্বদলীয় আয়োগ গঠন কৰাৰ লগতে বৰ্তমানৰ ৫৪৩খন লোকসভাৰ আসনতহে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ দাবী জনায়।

সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে শনিবাৰে ৰাহুল গান্ধীয়ে দলৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰে। তেওঁ কয় যে প্ৰস্তাৱিত সীমা নিৰ্ধাৰণ বিধেয়কখন কেৱল লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধিৰ বিষয় নহয়, সমষ্টিৰ সীমা আৰু বিভিন্ন শ্ৰেণীৰ প্ৰতিনিধিত্বৰ ওপৰতো প্ৰভাৱ পেলাব। ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰা হৈছে, আৰু এই সময়ছোৱাত সীমা নিৰ্ধাৰণ বিধেয়কখন উত্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে।

ৰাহুল গান্ধীয়ে কয় যে মহিলা সংৰক্ষণ বিধেয়ক ইতিমধ্যে গৃহীত হৈছে আৰু বৰ্তমানৰ ৫৪৩খন আসনত কাৰ্যকৰী কৰিব পৰা যাব। এনে পৰিস্থিতিত আসনৰ সংখ্যা ৮৫০খনলৈ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা বুজিব নোৱাৰা। ৮৫০ ৰ সংখ্যাটো মনত ৰখা উচিত, কাৰণ তেওঁৰ মতে ই সমষ্টিৰ মানচিত্ৰ সলনি কৰিবলৈ মুকলি অনুজ্ঞাপত্ৰ প্ৰদান কৰিব পাৰে।

জাতি লোকপিয়ল আৰু সংৰক্ষণৰ বিষয়ত তেওঁ কয় যে চৰকাৰে ২০২৭ চনৰ লোকপিয়লৰ তথ্যতকৈ ২০১১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰিহে আগবাঢ়িব বিচাৰে। নতুন লোকপিয়লত অন্যান্য পিছপৰা শ্ৰেণী আৰু দলিত জনসংখ্যাৰ সৈতে জড়িত তথ্যসমূহ উন্মোচিত হ’ব পাৰে যিবোৰ চৰকাৰৰ বাবে অস্বস্তিকৰ হ’ব পাৰে। প্ৰস্তাৱিত ব্যৱস্থাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ অনুপাত দীৰ্ঘদিনলৈ সুস্থিৰ হৈ থাকিব পাৰে, আনহাতে এই শ্ৰেণীৰ জনসংখ্যা বৃদ্ধি পাইছে। ইয়াৰ ফলত অনুসূচিত জাতি, অনুসূচিত জাতি, আৰু অ’বিচিৰ অধিকাৰ প্ৰভাৱিত হ’ব বুলিও তেওঁ কয়।

ৰাহুল গান্ধীয়ে সীমা নিৰ্ধাৰণ আয়োগৰ প্ৰস্তাৱিত গাঁথনি আৰু নিৰ্বাচন আয়োগৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। লগতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ভূমিকাত আপত্তি কৰে। তেওঁ কয় যে নিৰ্বাচন আয়োগক বন্দী কৰা হৈছে। সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সহায়ত সমষ্টিসমূহৰ সীমা বিজেপিৰ লাভালাভ কৰিব পৰাকৈ আঁকিব পৰা যাব।

জম্মু-কাশ্মীৰ আৰু অসমৰ উদাহৰণ দি তেওঁ অভিযোগ কৰে যে ভোটাৰক এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ বদলি কৰা হৈছিল আৰু বিজেপিৰ লাভৰ বাবে সীমা সলনি কৰা হৈছিল। দেশৰ নিৰ্বাচনী মানচিত্ৰৰ ক্ষেত্ৰতো একেই হ’ব পাৰে। তেওঁ পুনৰ কয় যে সীমা নিৰ্ধাৰণৰ বাবে সৰ্বদলীয় আয়োগ গঠন কৰিব লাগে আৰু মহিলা সংৰক্ষণত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে উপ-কোটা অন্তৰ্ভুক্ত কৰিব লাগে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande