গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰতিষ্ঠানক আক্ৰমণ কৰা ইণ্ডি মিত্ৰতা অৰাজকতাৰ পোষক: অনুৰাগ ঠাকুৰ
পাটনা, ২৮ নৱেম্বৰ (হি.স.)। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা হামিৰপুৰ লোকসভাৰ সাংসদ অনুৰাগ সিং ঠাকুৰে ভাৰতীয় জনতা পাৰ্টিৰ দেশজোৰা প্ৰচাৰ গণতন্ত্ৰ বচাওক, অৰাজকতা দূৰ কৰকৰ অংশ হিচাপে শনিবাৰে বিহাৰৰ আৰাত অনুষ্ঠিত এক পদযাত্ৰাত অংশগ্ৰহণ কৰে । এই পদযাত্
पथ यात्रा


পাটনা, ২৮ নৱেম্বৰ (হি.স.)। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা হামিৰপুৰ লোকসভাৰ সাংসদ অনুৰাগ সিং ঠাকুৰে ভাৰতীয় জনতা পাৰ্টিৰ দেশজোৰা প্ৰচাৰ গণতন্ত্ৰ বচাওক, অৰাজকতা দূৰ কৰকৰ অংশ হিচাপে শনিবাৰে বিহাৰৰ আৰাত অনুষ্ঠিত এক পদযাত্ৰাত অংশগ্ৰহণ কৰে । এই পদযাত্ৰাৰ সময়ত তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু বিৰোধী দলসমূহক সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছে নিৰ্বাচনী পৰাজয় মানি লোৱাৰ পৰিৱৰ্তে সাংবিধানিক প্ৰতিষ্ঠান আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ অহৰহ প্ৰশ্ন উত্থাপন কৰি আহিছে, যাৰ ফলত দেশত বিভ্ৰান্তি আৰু অনাস্থাৰ পৰিৱেশ সৃষ্টি হৈছে।

অনুৰাগ ঠাকুৰে কয় যে বিশেষ নিবিড় পৰ্যালোচনা (এছআইআৰ) প্ৰক্ৰিয়াৰ অন্তত বিহাৰ, কেৰালাকে ধৰি বিভিন্ন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছিল। যদি কংগ্ৰেছে ইভিএম আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে, তেন্তে কংগ্ৰেছ চৰকাৰ ক্ষমতাত থকা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত কি স্থিতি গ্ৰহণ কৰিব সেয়াও স্পষ্ট কৰা উচিত। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছে বিদেশী শক্তিৰ হাতত খেলা-ধূলা কৰি ভাৰতৰ গণতান্ত্ৰিক আৰু জাতীয় প্ৰতিষ্ঠানসমূহক দুৰ্বল কৰাৰ চেষ্টা চলাইছে।

বিজেপি সাংসদগৰাকীয়ে কয় যে এছ আই আৰৰ উদ্দেশ্য কোনো যোগ্য নাগৰিকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা নহয়, বৰঞ্চ সঠিক, স্বচ্ছ, আৰু ভুলমুক্ত ভোটাৰ তালিকা নিশ্চিত কৰাহে। বিৰোধীৰ ভোট চুৰিৰ দাবী তথ্যৰ সৈতে অসঙ্গতিপূৰ্ণ। তেওঁ ঠাট্টা কৰি কয়, এয়া ভোট চুৰি নহয়, বৰঞ্চ চোৰে ভোট পোৱা বন্ধ কৰি দিছে।

অনুৰাগ ঠাকুৰে অভিযোগ কৰে যে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে প্ৰায় ১৩ কোটি ভোটাৰ বাদ পৰাৰ বিষয়টো উত্থাপন কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয় যে মৃত ব্যক্তিৰ নাম, যিসকলে স্থায়ীভাৱে বাসস্থান সলনি কৰিছে, অনুপস্থিত ভোটাৰ, আৰু একাধিক স্থানত পঞ্জীয়ন কৰাসকলৰ নাম পৰীক্ষণ কৰাটো নিৰ্বাচনী প্ৰক্ৰিয়াৰ এক অপৰিহাৰ্য অংশ।

নিৰ্বাচন আয়োগৰ তথ্যৰ উদ্ধৃতি দি তেওঁ কয় যে এছ আই আৰৰ তিনিটা পৰ্যায়ত প্ৰায় ৯৫৪ মিলিয়ন ভোটাৰৰ অভিলেখ পৰ্যালোচনা কৰা হৈছিল। ইয়াৰে ১৩.৩৯ নিযুত ভোটাৰক এ এছ ডি ডি আৰু অন্যান্য শ্ৰেণী হিচাপে চিনাক্ত কৰা হৈছে। যদি কোনোবাই মৃত্যুবৰণ কৰিছে, স্থায়ীভাৱে নিজৰ বাসস্থান সলনি কৰিছে, বা একেজন ব্যক্তিৰ নাম একাধিক স্থানত পঞ্জীয়ন হৈছে তেন্তে ভোটাৰ তালিকাত প্ৰৱেশ ৰখাৰ ন্যায্যতাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে।

ৰাহুল গান্ধীৰ ৰাজনীতিক লক্ষ্য কৰি অনুৰাগ ঠাকুৰে তেওঁক বিদেশী ধন, বিদেশী মিত্ৰ, বিদেশী শক্তিৰ সহায়ত দেশত ৰাজনৈতিক বিভ্ৰান্তি বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰে। ভাৰতৰ অৰ্থনীতি সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰতিহত কৰি তেওঁ কয় যে ভাৰতীয় অৰ্থনীতিক “মৃত অৰ্থনীতি” বুলি অভিহিত কৰাটো দেশৰ অৰ্থনৈতিক সাফল্যক আওকাণ কৰাৰ সমান।

বিজেপি সাংসদগৰাকীয়ে কয় যে বিশ্বৰ প্ৰধান অৰ্থনীতিসমূহৰ ভিতৰত ভাৰতবৰ্ষই সৰ্বাধিক দ্ৰুত গতিত বৃদ্ধি পাইছে। আজি সমগ্ৰ বিশ্বই ভাৰতৰ পৰা বহু প্ৰত্যাশা। দেশখনে অহৰহ অৰ্থনৈতিকভাৱে শক্তিশালী হৈ বিশ্বজুৰি নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰি আহিছে। এনে পৰিস্থিতিত ভাৰতীয় অৰ্থনীতিৰ ওপৰত নেতিবাচক মন্তব্য কৰাটো উপযুক্ত নহয়।

অনুৰাগ ঠাকুৰে মহিলা সংৰক্ষণৰ বিষয়ত বিৰোধী দলসমূহকো আক্ৰমণ কৰে। তেওঁ কয় যে এন ডি এ মিত্ৰতাত পৰিয়ালৰ মহিলাক ৰাজনীতিত সুযোগ দিয়া হয় যদিও দেশৰ সাধাৰণ নাৰীক অধিকাৰ আৰু প্ৰতিনিধিত্ব দিয়াৰ কথা আহিলে বিৰোধীয়ে বিভিন্ন অজুহাত দেখুৱাবলৈ আৰম্ভ কৰে। তেওঁ কয় যে নাৰী সংৰক্ষণৰ বিষয়টোক অন্য দিশলৈ ঠেলি দিয়াৰ পৰিৱৰ্তে মহিলাসকলক তেওঁলোকৰ অধিকাৰ আৰু উপযুক্ত প্ৰতিনিধিত্ব দিয়াত মনোযোগ দিয়া উচিত।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ দলৰ ভিতৰত তেওঁৰ অৱস্থা সকলোৱে দেখিছে। ইফালে বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱক লক্ষ্য কৰি ঠাকুৰে কয় যে, নিজৰ ভগ্নীৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰা কোনোবাই দেশৰ আন ভগ্নী-কন্যাৰ অধিকাৰৰ কথা কেনেকৈ ক'ব?

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande