কাশী তামিল সংগম ৫.০ আৰম্ভ, প্ৰধানমন্ত্ৰীৰ তামিলনাডুকে ধৰি সমগ্ৰ দেশৰ অংশগ্ৰহণকাৰীক আদৰণি
নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কাশী তামিল সংগমমৰ পঞ্চম সংস্কৰণৰ উন্মোচনত আনন্দ প্ৰকাশ কৰি তামিলনাডু আৰু দেশৰ অন্যান্য প্ৰান্তৰ পৰা কাশীলৈ অহা অংশগ্ৰহণকাৰীসকলক আদৰণি জনায়। এইবাৰ সংগমমৰ বিষয়বস্তু হৈছে থিৰুক
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কাশী তামিল সংগমমৰ পঞ্চম সংস্কৰণৰ উন্মোচনত আনন্দ প্ৰকাশ কৰি তামিলনাডু আৰু দেশৰ অন্যান্য প্ৰান্তৰ পৰা কাশীলৈ অহা অংশগ্ৰহণকাৰীসকলক আদৰণি জনায়। এইবাৰ সংগমমৰ বিষয়বস্তু হৈছে থিৰুক্কুৰাল পাইলোভাম (থিৰুক্কুৰাল শিকি যাওক)। প্ৰধানমন্ত্ৰীয়ে কয় যে তিৰুৱল্লুৱৰৰ শিক্ষাই মানৱ জীৱনৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে সংগমম উন্মোচনত আনন্দ প্ৰকাশ কৰি থিৰুক্কুৰালৰ ১০টা বিদেশী ভাষাকে ধৰি ৫০টা ভাষাত অনুবাদ প্ৰকাশৰ প্ৰশংসা কৰে। এই পদক্ষেপে যুৱক-যুৱতীসকলৰ মাজত মহান কবি-সাধু তিৰুৱল্লুৱৰৰ চিন্তা-চৰ্চা আৰু অধিক জনপ্ৰিয় কৰি তুলিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত কেইবছৰমানৰ পৰা কাশী তামিল সংগম সাংস্কৃতিক আৰু বৌদ্ধিক আদান-প্ৰদানৰ এক সজীৱ মঞ্চলৈ বিকশিত হৈছে। ইয়াৰ ফলত ‘শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱো অধিক শক্তিশালী হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande