
মৰিগাঁও, ২০ নৱেম্বৰ (হি.স.): মৰিগাঁও জিলাৰ কলমৌবাৰী পঞ্চায়তৰ তিনি কৰ্মচাৰীক আটক কৰা হৈছে । দুৰ্ণীতিৰ অভিযোগত আটক কৰা হৈছে এ ই পংকজ কুমাৰ বৰা, সচিব হেলাবৰ বৰদলৈ আৰু জিআৰএছ নাছিৰউদ্দিনক।
উল্লেখ্য় যে যোৱাকালি বৃহস্পতিবাৰে পঞ্চায়তত উপস্থিত হৈছিল নগাঁৱৰ সাংসদ দেৱাশিষ শৰ্মা ৷ ৰাইজে পঞ্চায়ত খনৰ ব্যাপক দুৰ্নীতি অভিযোগ উত্থাপন কৰিছল ৷ লগে লগে সাংসদগৰাকীয়ে আৰক্ষীক অভিযোগ দিয়ে আৰু কালি বিয়লি আটক কৰে এই তিনি বিষয়াক ৷ আনহাতে জানিব পৰামতে, তদন্ত আওতালৈ আহিব সভানেত্ৰী গৰাকীও। দীৰ্ঘদিনৰ পৰা দুৰ্নীতি অভিযোগ উত্থাপন হৈছে পঞ্চায়তটোৰ বিৰুদ্ধে । এই ঘটনা সন্দৰ্ভত মিকিৰভেটা থানাৰ আৰক্ষীয়ে তদন্তৰ অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ