বাংলাদেশত দুষ্কৃতিকাৰীৰ এখন যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকত অগ্নিসংযোগ
ঢাকা (বাংলাদেশ), ১৯ নৱেম্বৰ (হি.স.)। বাংলাদেশত বৃহস্পতিবাৰে পুৱা নাৰায়ণগঞ্জৰ দুটা স্থানত দুষ্কৃতিকাৰীয়ে এখন যাত্ৰীবাহী বাছ আৰু এখন খেৰ ভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰে। কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। ঢাকা-চিটাগং ঘাইপথৰ কাঞ্চপুৰ দলঙৰ সমীপত আৰু এছিয়ান
आग की लपटों से घिरा ट्रक और यात्री बस। फोटो - ढाका ट्रिब्यून


ঢাকা (বাংলাদেশ), ১৯ নৱেম্বৰ (হি.স.)। বাংলাদেশত বৃহস্পতিবাৰে পুৱা নাৰায়ণগঞ্জৰ দুটা স্থানত দুষ্কৃতিকাৰীয়ে এখন যাত্ৰীবাহী বাছ আৰু এখন খেৰ ভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰে। কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। ঢাকা-চিটাগং ঘাইপথৰ কাঞ্চপুৰ দলঙৰ সমীপত আৰু এছিয়ান ঘাইপথৰ মিৰাটেক বজাৰৰ সমীপত এই ঘটনা সংঘটিত হয়।

আৰক্ষী আৰু স্থানীয় সূত্ৰৰ উদ্ধৃতি দি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি, পুৱা প্ৰায় ৯:৩০ বজাত কাঞ্চপুৰ দলঙৰ সমীপৰ ঢাকা অভিমুখী লেনত এখন তিশা পৰিভাহন যাত্ৰীবাহী বাছত জুই লগাই দিয়া হয়। সকলো যাত্ৰী নিৰাপদে বাছখনৰ পৰা ওলাই আহিছিল যদিও বাছখন বেয়াকৈ জ্বলি গৈছিল।

কাঞ্চপুৰ ঘাইপথ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জুৱাইল মিঞাই জানিবলৈ দিয়া মতে, জ্বলি যোৱা বাছখন উদ্ধাৰকাৰী বাহনৰ সহায়ত ঘটনাস্থলীৰ পৰা আঁতৰাই নিছিল। তেওঁ লগতে কয় যে এই ঘটনাত কোনো লোক আহত হোৱা নাই।

আন এক ঘটনাত বৃহস্পতিবাৰে পুৱা মিৰাটেক বজাৰৰ সমীপত ৰখাই থোৱা খেৰ ভৰ্তি এখন ট্ৰাকত জুই লগাই দিয়া হয়। জানিব পৰা মতে, দিনাজপুৰৰ পৰা খেৰ কঢ়িয়াই অনা ট্ৰাকখন পুৱা প্ৰায় ৩:৩০ বজাত মিৰাটেক বজাৰ জামা মছজিদৰ সন্মুখত ৰৈছিল।

প্ৰায় ৫:৩০ বজাত কাষেৰে পাৰ হৈ যোৱা এগৰাকী মহিলাই জুই লক্ষ্য কৰি চালকজনক জগাই তুলিলে। পথৰ কাষৰ পানীত পেলাই জ্বলি থকা খেৰখিনি নুমুৱাবলৈ চেষ্টা কৰে চালকজনে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নিনিৰ্বাপক বাহিনীয়ে পুৱা প্ৰায় ৭:৩০ বজাত জুই নিয়ন্ত্ৰণলৈ আনে।তেতিয়ালৈকে ট্ৰাকখনৰ সকলো খেৰ ধ্বংস হৈ গৈছিল।

তালাতলা আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া জাচিমুদ্দিনে জনোৱা মতে, অগ্নিকাণ্ডত ট্ৰাকখনৰ সামগ্ৰী ধ্বংস হয় যদিও চালক আৰু সহায়কজন কোনো ক্ষতি নোহোৱাকৈ পলায়ন কৰে। তেওঁ উল্লেখ কৰে যে এই কাণ্ডৰ সৈতে জড়িতসকলক চিনাক্ত কৰি ন্যায়ৰ ওচৰলৈ অনা হ’ব।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande