
মেনিলা (ফিলিপাইন), ১৭ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ফিলিপাইনছ ভ্ৰমণৰ পূৰ্বে দেশত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে। এই প্ৰতিবাদৰ প্ৰধান কাৰণ হৈছে মেনিলাৰ উত্তৰত প্ৰস্তাৱিত কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু উদ্যোগিক কেন্দ্ৰ। স্থানীয় লোকে এই প্ৰকল্পৰ বিৰোধিতা কৰি কয় যে ইয়াৰ ফলত তেওঁলোকৰ মাটি, জীৱিকা, প্ৰাকৃতিক সম্পদৰ ক্ষতি হ’ব পাৰে।
চিবিএছ নিউজৰ এক প্ৰতিবেদন অনুসৰি এই প্ৰকল্পটো আমেৰিকাৰ নেতৃত্বত চলা আন্তঃৰাষ্ট্ৰীয় পদক্ষেপ পেক্স চিলিকাৰ অংশ। এই পদক্ষেপৰ লক্ষ্য হৈছে চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু আন দেশৰ উন্নত প্ৰযুক্তি সম্পৰ্কীয় উদ্যোগসমূহৰ বাবে এক শক্তিশালী যোগান শৃংখল সৃষ্টি কৰা। এই পদক্ষেপৰ অধীনত ফিলিপাইনছে ৪ হাজাৰ একৰতকৈ অধিক ভূমি সামৰি এটা ঔদ্যোগিক কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।
সোমবাৰে মেনিলাত বৃহৎ সংখ্যক লোকে বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰীসকলে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰে “ট্ৰাম্প গ’ বেক” আদি শ্লোগান থকা পোষ্টাৰ আৰু বেনাৰেৰে। আনকি কিছুমান পোষ্টাৰত ট্ৰাম্পক ক্লাউন আৰু চয়তান হিচাপেও চিত্ৰিত কৰা হৈছিল। ৰাইজে পেক্স চিলিকা প্ৰকল্প নাকচ কৰাৰ দাবী জনায়।
প্ৰকল্পটোৰ বিৰোধীসকলে কয় যে ঔদ্যোগিক কেন্দ্ৰটো নিৰ্মাণৰ ফলত কৃষক আৰু খিলঞ্জীয়া আয়েটা সম্প্ৰদায়ে নিজৰ মাটি পৰিত্যাগ কৰিবলৈ বাধ্য হ’ব পাৰে। লগতে অঞ্চলটোৰ পানী যোগানত বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে এই প্ৰকল্পটো ফিলিপাইনছত আমেৰিকাৰ প্ৰভাৱ বৃদ্ধিৰ প্ৰয়াস।
আয়েটা সম্প্ৰদায়ৰ মাজত কাম কৰা শিক্ষক তথা উকীল মেনিংনিং ভিলগে কয় যে, তেওঁলোকে আমাৰ মাটি কাঢ়ি লৈছে। তেওঁলোকে আমাৰ অৰ্থনীতি দখল কৰিছে। পেক্স চিলিকা কেৱল আমেৰিকাৰ স্বাৰ্থতহে, আমাৰ স্বাৰ্থত নহয়। ২০ বছৰীয়া প্ৰতিবাদকাৰী চিজাৰ কৰ্টিনাইও এই প্ৰকল্পক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে এআইতকৈ সাধাৰণ মানুহৰ বাবে দৈনন্দিন প্ৰয়োজনীয়তা অধিক গুৰুত্বপূৰ্ণ। কৃষক, পানী আৰু চিগাৰেট বিক্ৰেতা, বাছ চালকৰ এআইৰ লগত কি সম্পৰ্ক?
আনহাতে, ফিলিপাইনৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰে এই প্ৰকল্পত সহায় আগবঢ়াইছে। অক্টোবৰ মাহত তেওঁ উল্লেখ কৰিছিল যে এই প্ৰকল্পই দেশৰ বাবে যথেষ্ট অৰ্থনৈতিক লাভ কঢ়িয়াই আনিব পাৰে। তেওঁ কয় যে ইয়াৰ দ্বাৰা ফিলিপাইনক আধুনিক প্ৰযুক্তি সম্পৰ্কীয় উদ্যোগ আৰু গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰা হ’ব। মাৰ্কছ চৰকাৰে দাবী কৰিছে যে এই প্ৰকল্পৰ ফলত দেশত এক লাখৰ পৰা ১ লাখ ৩০ হাজাৰ চাকৰিৰ সৃষ্টি হ’ব পাৰে।
পেক্স চিলিকা ইনিচিয়েটিভ কি?
২০২৫ চনৰ ডিচেম্বৰ মাহত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে পেক্স চিলিকা পদক্ষেপৰ কথা ঘোষণা কৰিছিল। তাৰ পিছৰ পৰা ব্ৰিটেইন, ইজৰাইল, জাপান, ভাৰতকে ধৰি ২৫খনতকৈও অধিক দেশে এই পদক্ষেপত যোগদান কৰিছে । এপ্ৰিল মাহত ফিলিপাইনে এই পদক্ষেপত সন্মতি দিছিল, যাৰ ফলত তাত এটা ঔদ্যোগিক কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছিল।
কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে প্ৰয়োজনীয় অৰ্ধপৰিবাহী চিপ আৰু সঁজুলিৰ যোগানক লৈ আমেৰিকাই দীৰ্ঘদিন ধৰি চিন্তিত হৈ আহিছে । চীনে অত্যাধুনিক চিপৰ সুবিধা লাভ কৰিব পাৰে বুলি চিন্তিত । গতিকে এই ক্ষেত্ৰত চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব পৰা দেশসমূহৰ সৈতে আমেৰিকাই ঔদ্যোগিক সহযোগিতা বৃদ্ধি কৰিব বিচাৰিছে ।
এই বিষয়টো শেহতীয়াকৈ চৰ্চালৈ আহিছে। খবৰ অনুসৰি এনভিডিয়াৰ প্ৰাক্তন মুৰব্বী জেনচেন হুয়াঙৰ সৈতে চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰা এগৰাকী ব্যৱসায়ীৰ সম্পৰ্ক আছে। তেওঁৰ কোম্পানীটোৰ চিপ চোৰাং ব্যৱসায়ৰ তদন্ত চলি আছিল। অৱশ্যে চিপ সৰবৰাহৰ অভিযোগ অস্বীকাৰ কৰিছে জড়িত কোম্পানীটোৱে ।
দেওবাৰে পেক্স চিলিকাৰ সৈতে জড়িত দেশসমূহে এক ঘোষণাপত্ৰত স্বাক্ষৰ কৰে। ইয়াত যোগান শৃংখল, স্পৰ্শকাতৰ প্ৰযুক্তি, আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে জড়িত জটিল আন্তঃগাঁথনিৰ সন্দৰ্ভত এক ভাগ-বতৰা বুজাবুজি গঢ়ি তোলাৰ আহ্বান জনোৱা হৈছে।
আমেৰিকা আৰু ফিলিপাইনৰ বিষয়াসকলৰ মতে, এই সপ্তাহত মেনিলাত অনুষ্ঠিত হ’বলগীয়া আছিয়ান সন্মিলনলৈ ট্ৰাম্পৰ ভ্ৰমণৰ সময়ত পেক্স চিলিকা সন্দৰ্ভত কোনো ডাঙৰ ঘোষণা হোৱাৰ সম্ভাৱনা নাই। বুধবাৰে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মাৰ্কছৰ সৈতে ট্ৰাম্পে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে, তাৰ পিছত তেওঁ চীনলৈ ৰাওনা হ’ব। চিবিএছ নিউজেও এই সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ পৰাও মন্তব্য বিচাৰিছে।
ফিলিপাইনছৰ সংসদৰ নিম্ন সদনৰ সদস্য এণ্টনিঅ’ টিনিঅ’ই কয় যে পেক্স চিলিকাৰ সন্দৰ্ভত সংসদত কোনো নিৰ্দিষ্ট ভোটদানৰ পৰিকল্পনা কৰা হোৱা নাই। তেওঁ লগতে কয় যে প্ৰস্তাৱিত ঔদ্যোগিক কেন্দ্ৰটোৰ নিৰ্মাণ আৰম্ভ হ’ব নে প্ৰকল্পটো সফল হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। টিনিঅ’ৰ মতে মেনিলাত এই প্ৰকল্পৰ বিৰোধিতা কেৱল ফিলিপাইনছতে সীমাবদ্ধ নহয়। এআই ডাটা চেণ্টাৰ নিৰ্মাণৰ ক্ষেত্ৰত আমেৰিকাকে ধৰি বিশ্বৰ বহু দেশত বিৰোধিতাৰ সন্মুখীন হৈছে ।
তেওঁ কয় যে, এআই ডাটা চেণ্টাৰৰ বিৰোধিতা বিশ্বজুৰি চলি আছে। আমেৰিকাৰ নিৰ্বাচনত ই এটা ডাঙৰ বিষয় আছিল। মালয়েছিয়া আৰু ইণ্ডোনেছিয়াকে ধৰি দক্ষিণ-পূব এছিয়াৰ বহু দেশতো ইয়াৰ বিৰোধিতাৰ সন্মুখীন হৈছে । ফিলিপাইনছও ইয়াৰ ব্যতিক্ৰম নহয়।
এছিয়া ভ্ৰমণলৈ ওলাইছে ড’নাল্ড ট্ৰাম্প
দ্য মেনিলা টাইমছৰ তথ্য অনুসৰি সোমবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এছিয়া ভ্ৰমণ আৰম্ভ কৰে। এই ভ্ৰমণৰ সময়ত তেওঁৰ মূল গুৰুত্ব হ’ব অৰ্থনৈতিক চুক্তি আৰু ৰাছিয়া আৰু চীনৰ সৈতে ঐতিহাসিক ত্ৰিপাক্ষিক পাৰমাণৱিক আলোচনা, আনহাতে ৱাশ্বিংটনত তেওঁৰ প্ৰশাসনে নতুন ৰাজনৈতিক পৰিস্থিতিৰ সৈতে খাপ খাই পৰে। এয়াৰ ফৰ্চ ৱানত উঠাৰ পূৰ্বে তেওঁ কয় যে তেওঁ হয়তো চীনত কিম জং উনৰ সৈতে সাক্ষাৎ কৰিব, কিয়নো আমেৰিকাই উত্তৰ কোৰিয়াৰ সৈতে পাৰমাণৱিক কাৰ্যসূচীক লৈ পুনৰ আলোচনা আৰম্ভ কৰিব বিচাৰিছে। আজি মেনিলাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ট্ৰাম্প।
ট্ৰাম্পে লগতে কয় যে চীনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ নেতা ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ বৈঠকত তেওঁ ইউক্ৰেইনত ৰাছিয়াৰ প্ৰায় পাঁচ বছৰীয়া যুদ্ধৰ বিষয়ে আলোচনা কৰিব। সোমবাৰে পুৱা এছিয়ালৈ যোৱাৰ পূৰ্বে হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে আমি মোৰ প্ৰিয় বিষয় ইউক্ৰেইনৰ বিষয়ে কথা পাতিম। ইউক্ৰেইনে নিজৰ দেশ হেৰুৱাইছে। তেওঁ লগতে কয়, ৰাছিয়াই প্ৰতিমাহে ২৫ হাজাৰ সৈনিক হেৰুৱাইছে। গতিকে আমি সেইটোও আলোচনা কৰিম।
নেতাসকলৰ সৈতে যুদ্ধৰ বিষয়ে আলোচনা কৰিব বুলি ইংগিত দিছে ট্ৰাম্পে। ইয়াৰ পূৰ্বে শুকুৰবাৰে তেওঁৰ প্ৰশাসনৰ বিষয়াসকলে সাংবাদিকৰ আগত কয় যে ট্ৰাম্পে চীন আৰু ৰাছিয়াৰ সমকক্ষৰ সৈতে পাৰমাণৱিক নিৰস্ত্ৰকৰণ আৰু ইৰাণ যুদ্ধৰ বিষয়ে আলোচনা কৰিব যদিও ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়টো এৰাই চলিব। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে পুটিন আৰু ছিৰ সৈতে ট্ৰাম্পৰ প্ৰস্তাৱিত বৈঠকক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ আশংকা কৰিছে যে তিনিওজন নেতাই এই সুযোগ ব্যৱহাৰ কৰি বিশ্বত নিজৰ প্ৰভাৱৰ ক্ষেত্ৰসমূহ পুনৰ অংকন কৰিব পাৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ