বাহৰেইনৰ ইছা এয়াৰবেছত ইৰাণৰ ড্ৰ’ন আক্ৰমণ, আমেৰিকাৰ ৰাডাৰ ব্যৱস্থাক লক্ষ্য, ৱাশ্বিংটনত সামৰিক গতিবিধি বৃদ্ধি
মানামা (বাহৰেইন)/ৱাশ্বিংটন (আমেৰিকা)/তেহৰাণ (ইৰাণ), ১৭ নৱেম্বৰ (হি.স.): বাহৰেইনৰ ইছা এয়াৰবেছত ড্ৰ’ন আক্ৰমণৰ ফলত আমেৰিকাত সামৰিক কাৰ্যকলাপৰ তীব্ৰতৰ হৈছে। উপসাগৰীয় দেশখনৰ ৰাজ্যিক টেলিভিছনৰ দাবী যে বাহৰেইনে এই আক্ৰমণক প্ৰতিহত কৰিছিল। ইৰাণৰ ইছলামিক ৰ
सांकेतिक।


মানামা (বাহৰেইন)/ৱাশ্বিংটন (আমেৰিকা)/তেহৰাণ (ইৰাণ), ১৭ নৱেম্বৰ (হি.স.): বাহৰেইনৰ ইছা এয়াৰবেছত ড্ৰ’ন আক্ৰমণৰ ফলত আমেৰিকাত সামৰিক কাৰ্যকলাপৰ তীব্ৰতৰ হৈছে। উপসাগৰীয় দেশখনৰ ৰাজ্যিক টেলিভিছনৰ দাবী যে বাহৰেইনে এই আক্ৰমণক প্ৰতিহত কৰিছিল। ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে মঙলবাৰে বাহৰেইনৰ ইছা এয়াৰবেছত আমেৰিকাৰ ৰাডাৰ চিষ্টেমত ড্ৰ’ন আক্ৰমণ চলোৱা বুলি দাবী কৰে।

ইৰাণৰ সম্প্ৰচাৰক আই আৰ আইবিৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰা অনুসৰি বাহৰেইনত আমেৰিকান বাহিনীৰ শত্ৰুতাপূৰ্ণ কাৰ্যকলাপৰ প্ৰতি আই আৰ জি চিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। খবৰ অনুসৰি যোৱা কিছুদিনত উপসাগৰীয় দেশখনত আমেৰিকাৰ ৰাডাৰ ব্যৱস্থাত এইটোৱেই শেহতীয়া আক্ৰমণ। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কিছুমান নব্য ৰক্ষণশীল লোকে যুদ্ধ অব্যাহত ৰাখিব বিচাৰে।

মঙলবাৰে বাহৰেইনৰ ৰাজধানী মানামাত বিস্ফোৰণৰ শব্দ শুনা যায় । বাসিন্দাসকলে তেওঁলোকৰ মোবাইল ফোনত সম্ভাৱ্য ভাবুকিৰ সতৰ্কবাণী লাভ কৰে । স্বৰাজ মন্ত্ৰালয়ৰ সতৰ্কবাণীত লোকসকলক ওচৰৰ নিৰাপদ স্থানলৈ স্থানান্তৰিত হ’বলৈ আহ্বান জনোৱা হৈছে। কিছু সময়ৰ পিছতে বিস্ফোৰণৰ শব্দ শুনা যায়। ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে বাহৰেইন নিৰাপত্তাজনিত উদ্বেগৰ সন্মুখীন হৈছে।

আন এক খবৰ অনুসৰি হৰমুজ জলদ্বীপত নৌসেনাৰ খনিত খুন্দা মৰাৰ ফলত চাৰিখন টেংকাৰে জুইত জাহ যায়। ইফালে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পে ইৰাণৰ কেছম দ্বীপৰ ওচৰত উৰি থকা আমেৰিকাৰ ড্ৰ’ন এখন ইলেক্ট্ৰনিকভাৱে বন্দী কৰা বুলি দাবী কৰিছে।

আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ বাবে কূটনৈতিক প্ৰচেষ্টা স্থবিৰ হৈ থকাৰ সময়তে বাহৰেইনত এই আক্ৰমণ সংঘটিত হৈছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই সংঘাতৰ ফলত সমগ্ৰ উপসাগৰীয় অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ ক্ষতিগ্ৰস্ত হৈছে ।

গালফ ডেইলী নিউজৰ তথ্য অনুসৰি ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সৈতে সম্পৰ্ক থকা বুলি দোষী সাব্যস্ত হোৱা এদল ব্যক্তিক ১৫ বছৰৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। উচ্চ ফৌজদাৰী আদালতে ইয়াৰে কিছুমানক এক লাখ বাহৰেইন দিনাৰকৈ জৰিমনা বিহাৰ লগতে ৮০ লাখ বাহৰেইন ডিনাৰ জব্দ কৰাৰ নিৰ্দেশ দিয়ে।

চিএনএনৰ বাতৰি অনুসৰি আমেৰিকাৰ নতুন চোৰাংচোৱা তথ্য প্ৰকাশ পোৱাৰ পিছত ৱাশ্বিংটনত সামৰিক কাৰ্যকলাপ তীব্ৰতৰ হোৱা বুলি আমেৰিকাৰ সাতজন বিষয়াই কয়। চোৰাংচোৱা তথ্যই ইংগিত দিয়ে যে ইৰাণে লেতেৰা বোমা বা ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰি ৱাশ্বিংটন ডি চিৰ ট্ৰাম্প প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলক লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছে। অৱশ্যে ইৰাণে প্ৰকৃততে এনে চক্ৰান্ত কৰিব পাৰে নে চেষ্টা কৰিব সেয়া এতিয়াও বিষয়াসকলে বিতৰ্ক কৰি আছে।

শেহতীয়া চোৰাংচোৱাৰ তথ্যৰ সৈতে পৰিচিত সূত্ৰই জনোৱা মতে, ইৰাণৰ এই পৰিকল্পনাক আগতীয়া আক্ৰমণৰ চিন নহয়, নিজৰ বাবে কিছু বিকল্প সৃষ্টি কৰাৰ প্ৰয়াস হিচাপেহে চাব পাৰি । সূত্ৰসমূহে জনোৱা মতে, আমেৰিকাই সম্ভাৱ্য স্থান আৰু লক্ষ্যকে ধৰি অতি সঠিক তথ্য লাভ কৰিছে। ফলস্বৰূপে আমেৰিকাই জৰুৰীকালীন প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । হোৱাইট হাউছৰ মুখপাত্ৰ লৰেন বিছে কয় যে আমেৰিকাই সকলো সম্ভাৱ্য ভাবুকিৰ ওপৰত নজৰ ৰাখিছে ।

--------------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande