
ইছলামাবাদ (পাকিস্তান), ১৭ নৱেম্বৰ (হি.স.)। বেলুচিস্তান প্ৰদেশৰ শ্বিৰানী জিলাৰ শ্বেকাৰ হোটেলৰ সমীপৰ পাহাৰীয়া অৰণ্যৰ পৰা সোমবাৰে বিয়লি হঠাতে নিৰুদ্দেশ হোৱা দুটা কণমানি মেৰপালক শিশুক মঙলবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰিও আন তিনিজনক ঘৰৰ পৰা লৈ যায় কৰ্তৃপক্ষই। বৰ্তমান তিনিওজনৰ অৱস্থা জানিব পৰা হোৱা নাই।
দ্য বেলুচিস্তান পোষ্টৰ মতে, প্ৰাৰম্ভিক বাতৰি অনুসৰি শিশুকেইটাৰ মৃতদেহৰ ওচৰত গ্ৰেনেড বা গুলীৰ দৰে সন্দেহজনক বস্তু উদ্ধাৰ কৰা হৈছে। কিন্তু তেওঁলোকৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, কোনো সুনিৰ্দিষ্ট নিশ্চয়তাও পোৱা নাই। ইয়াৰে এটা শিশু যতীম আলী খান আৰু আনটো জুমা গুলৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে।
ইফালে, প্ৰদেশখনৰ বিভিন্ন অঞ্চলৰ পৰা তিনিজন লোকক বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰাৰ ঘটনা পোহৰলৈ আহিছে। খবৰ অনুসৰি ১৫ নৱেম্বৰত কুৱেটাৰ মুস্তাফাবাদ অঞ্চলৰ আব্দুল ছাত্তাৰৰ পুত্ৰ জৈনুল আবেদিনক সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ (চিটিডি) বিষয়াই ঘৰৰ পৰা অপহৰণ কৰিছিল। ১১ বজাত চিটিডিৰ জোৱানসকলে কুৱেটাৰ কিলজিঅ’ অঞ্চলৰ পৰা মহম্মদ আছলামৰ পুত্ৰ ১৫ বছৰীয়া মুৰাদ বালোচকো অপহৰণ কৰে।
খবৰ অনুসৰি ১৫ নৱেম্বৰত কেচ জিলাৰ তাৰবাট অঞ্চলৰ কেচ টাৱাৰৰ বাসিন্দা ২৫ বছৰীয়া তালাল মনজুৰক ডেথ স্কোয়াডৰ বিষয়াই ৩ বজাত আটক কৰে। এই তিনিজনৰ অৱস্থা স্পষ্ট হোৱা নাই। ইফালে ২২ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ থকা ছাবি জিলাৰ সাংগান অঞ্চলৰ আখতাৰ মহম্মদৰ পুত্ৰ গুল আহমেদক ১২ নৱেম্বৰত উদ্ধাৰ কৰা হয়।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ