শিল্পগ্ৰামত জনজাতীয় গৌৰৱ দিৱস উদযাপনঃ
বীৰ বীৰছা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন মন্ত্ৰী ডা° ৰণোজ পেগুৰ গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। মহান স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় সমাজৰ স্বাভিমানৰ প্ৰতীক ধৰতী আবা ভগবান বীৰ বীৰছা মুণ্ডাৰ ১৫১সংখ্যক জন্মজয়ন্তী উপলক্ষে আজি পাঞ্জাবাৰীৰ শিল্পগ্ৰাম
শিল্পগ্ৰামত জনজাতীয় গৌৰৱ দিৱস উদযাপনঃ


বীৰ বীৰছা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন মন্ত্ৰী ডা° ৰণোজ পেগুৰ

গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। মহান স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় সমাজৰ স্বাভিমানৰ প্ৰতীক ধৰতী আবা ভগবান বীৰ বীৰছা মুণ্ডাৰ ১৫১সংখ্যক জন্মজয়ন্তী উপলক্ষে আজি পাঞ্জাবাৰীৰ শিল্পগ্ৰামত জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয়।

অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা (ভৈয়াম) বিভাগৰ সৌজন্যত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা; জনজাতি পৰিক্ৰমা (ভৈয়াম) আদি বিভাগৰ মন্ত্ৰী ডা° ৰণোজ পেগু।

অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰী গৰাকীয়ে ধৰতী আবা ভগৱান বীৰ বীৰছা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ লগতে মহাৰাষ্ট্ৰৰ গাডচিৰ'লিত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচী ভাৰ্চুৱেল মাধ্যমেৰে প্ৰত্যক্ষ কৰে।

আজিৰ অনুষ্ঠানত জনজাতীয় সমাজ তথা অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতিস্বৰূপে কিৰাট ব্ৰহ্ম, পৱিত্ৰ ৰাভা, হেনপৌ গামলৌ, মংগল সিং ক্ৰ’ আৰু ড° গোমথাও বসুমতাৰীক ২০২৬ বৰ্ষৰ জনজাতীয় গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়।

তদুপৰি, জি এন এম পাঠ্যক্ৰমত অধ্যয়নৰত পাঁচগৰাকী নিৰ্বাচিত জনজাতীয় ছাত্ৰীক নাৰ্ছিং ড্ৰেছ কিট বিতৰণ কৰাৰ লগতে জনজাতীয় হোমষ্টে'ৰ উন্নীতকৰণৰ বাবে নিৰ্বাচিত হিতাধিকাৰী সকলক আৰ্থিক অনুদান প্ৰদান কৰা হয়।

অনুষ্ঠানত বড়ো, মিচিং, ৰাভা, তিৱা, হাজং আৰু কাৰ্বি আদি বিভিন্ন জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশনে জনজাতীয় সমাজৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু বৈচিত্ৰ্যক প্ৰতিফলিত কৰে।

উপস্থিত ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণত মন্ত্ৰী ডা° পেগুৱে কয় যে ধৰতী আবা বীৰ বীৰছা মুণ্ডাৰ জীৱনাদৰ্শ, সংগ্ৰাম আৰু আত্মত্যাগে জনজাতীয় সমাজৰ অধিকাৰ, আত্মপৰিচয় আৰু মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত যুগে যুগে প্ৰেৰণা যোগাই আহিছে।

জনজাতীয় সমাজৰ শিক্ষা, স্বাস্থ্য, জীৱিকা আৰু সামগ্ৰিক উন্নয়ন সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক পদক্ষেপে উন্নয়নৰ নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।

তেওঁ লগতে কয় যে জনজাতীয় স্বায়ত্তশাসিত পৰিষদ সমূহৰ সক্ৰিয় সহযোগিতাৰে উন্নয়নৰ এই ধাৰাক অধিক ত্বৰান্বিত কৰাৰ লগতে জনজাতীয় সমাজৰ ভাষা, সংস্কৃতি, পৰম্পৰা আৰু স্বকীয় পৰিচয় সংৰক্ষণৰ ক্ষেত্ৰত সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব।

২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ ৰাষ্ট্ৰীয় সংকল্প বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত জনজাতীয় সমাজৰ সক্ৰিয় অংশগ্ৰহণ আৰু সৰ্বাংগীণ উন্নয়ন অপৰিহাৰ্য বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

মন্ত্ৰী গৰাকীয়ে সমূহ অসমবাসীলৈ জনজাতীয় গৌৰৱ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ধৰতী আবা ভগৱান বীৰ বীৰছা মুণ্ডাৰ মহান আদৰ্শ আৰু অৱদানক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande