৪ৰ্থ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সফল সামৰণি
–ছাৰএৎ হান্সেলৈ ২০২৬ বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা –অংকুৰ ৰঞ্জন ফুকনলৈ ২০২৬ বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য যুৱ বঁটা গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। মহানগৰীৰ জালুকবাৰীস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিৰ ফণীধৰ দত্ত সভাগৃহত আজি ১৫ নৱেম্বৰ ২০২৬ ইং
৪ৰ্থ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ


৪ৰ্থ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ


–ছাৰএৎ হান্সেলৈ ২০২৬ বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা

–অংকুৰ ৰঞ্জন ফুকনলৈ ২০২৬ বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য যুৱ বঁটা

গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। মহানগৰীৰ জালুকবাৰীস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিৰ ফণীধৰ দত্ত সভাগৃহত আজি ১৫ নৱেম্বৰ ২০২৬ ইং তাৰিখ ৰবিবাৰে শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত ৪ৰ্থ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সফল সামৰণি পৰে। ড° নৱমিতা দেৱে আঁত ধৰা সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি নাগালেণ্ডৰ উচ্চ শিক্ষামন্ত্ৰী টেনজেম ইমনা আলং ডাঙৰীয়াই উপস্থিত সকলোকে নিজৰ নিজৰ স্থানীয় মাতৃভাষাক দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। তেওঁ কয় যে মাতৃভাষাৰ ব্যৱহাৰেহে এটা জাতি সমৃদ্ধ কৰিব পাৰে।

অনুষ্ঠানত ইণ্ডিয়া টুডে আলোচনীৰ মেনেজিং এডিটৰ তথা ইণ্ডিয়া টুডে এন ই ৰ সম্পাদক কৌশিক ডেকাই ভাৰতীয় ঐতিহ্যক সাহিত্যৰ মাধ্যেমেৰে নতুন প্ৰজন্মৰ সন্মুখত উপস্থাপন কৰাৰ প্ৰয়োজনীয়তা শীৰ্ষক বিষয়ৰ ওপৰত সাবলীল বক্তব্য প্ৰদান কৰে। তেখেতে কয় যে অসমীয়া পুৰণি সাধুকে আদি কৰি অন্য সাহিত্যবোৰ ডিজিটেল মাধ্যমেৰে নৱ ৰূপত নতুন প্ৰজন্মৰ মাজত উপস্থাপন কৰিবলৈ আমি সকলোৱে একত্ৰিত ভাৱে চেষ্টা কৰিব লাগিব।

বিশিষ্ট নাট্যকাৰ অধ্যাপক পোনা মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা আৰু উৎসৱৰ কাৰ্যকৰী সভাপতি সৌম্যদ্বীপ দত্তও উপস্থিত থাকে। উল্লেখযোগ্য যে এইবেলি বিশিষ্ট সাহিত্যিক ছাৰএৎ হান্সেলৈ ২০২৬ বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা আৰু যুৱ সাহিত্যিক অংকুৰ ৰঞ্জন ফুকনলৈ প্ৰাগজ্যোতিষপুৰ সাহিত্য যুৱ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটোত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু কবিতাৰ কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে এই তিনিদিনীয়া সাহিত্য উৎসৱত উদ্বোধনী আৰু সামৰণি সত্ৰৰ বাহিৰেও ছয়টাকৈ ভিন্ন বিষয়ৰ ওপৰত আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয়।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande