
গুৱাহাটী, ১৫ নৱেম্বৰ (হি স)। অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত দেওবাৰে লোকবিশ্বাসৰ ভৱ্য উৎসৱ ছট পূজাৰ ষষ্ঠীৰ সন্ধিয়া পূজা আগবঢ়োৱা হয়। বৃহৎ সংখ্যক ভক্তই নদীৰ পাৰ, পুখুৰী আৰু অন্যান্য জলভাগৰ পাৰত সমবেত হৈ অস্তগামী সূৰ্য্যক অৰ্ঘ প্ৰদান কৰি নিজৰ পৰিয়ালৰ কুশল, সমৃদ্ধি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰিছিল।
চাৰিদিনীয়া ছট উৎসৱৰ আৰম্ভণি হয় নহায়-খায়ৰ পৰা। প্ৰথম দিনাই ভক্তসকলে গা ধুই পৰম্পৰাগত খাদ্য বিশুদ্ধ আৰু বিশুদ্ধতাৰে সেৱন কৰে। দ্বিতীয় দিনা খৰনাত ভক্তসকলে দিনজোৰা উপবাস পালন কৰে। সন্ধিয়া ভগৱান সূৰ্য্যক পূজা কৰি গুৰ খীৰ আৰু পৰম্পৰাগত প্ৰসাদ সেৱন কৰি জলবিহীন ৩৬ ঘণ্টীয়া ব্ৰত পালন কৰে ।
তৃতীয় দিনা দেওবাৰে ভক্তসকলে জলবিহীন উপবাস পালন কৰি পানীত থিয় হৈ অস্তগামী সূৰ্য্যক প্ৰাৰ্থনা কৰে। চাৰিদিনীয়া এই মহান উৎসৱৰ সোমবাৰে পুৱা উদীয়মান সূৰ্য্যক অৰ্ঘ আগবঢ়োৱাৰ লগে লগে সামৰণি পৰিব । ইয়াৰ পিছত ভক্তসকলে খাদ্য গ্ৰহণ কৰি উপবাস ভংগ কৰিব।
গোটেই অনুষ্ঠানটোত ঘাটবোৰত ছটগীত, পৰম্পৰাগত ৰীতি-নীতি, ভক্তিমূলক পৰিৱেশেৰে ভৰি পৰিছিল ।
গুৱাহাটীতো ব্ৰহ্মপুত্ৰ নদীৰ তীৰত ছট পূজা উপলক্ষে লোকে লোকাৰণ্য হৈ পৰে। গুৱাহাটীৰ ফেনচি বজাৰ, লাচিত ঘাট, শুক্ৰেশ্বৰ, ভৰলুমুখ, উজান বজাৰ, পাণ্ডু, মালিগাঁও, আজৰা, ধাৰাপুৰ, মিৰ্জাৰ লগতে বশিষ্ঠ মন্দিৰ, নুনমাটি চুনচালীৰ উপৰি গুৱাহাটীখনৰ অন্য জলাশয়ত ছট্ উৎসৱৰ উপাসকসকলে আজি ভগৱান সূৰ্যক সন্ধ্যা অৰ্ঘ্য আগবঢ়াইছে। একে ধৰণে ৰাজ্যখনৰ বিভিন্ন অঞ্চলতো ছট্ পূজাৰ বৃহৎ আয়োজন কৰা হৈছে।
--------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ