
গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্রামত দেওবাৰে জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা আৰু জনজাতি পৰিক্ৰমা (ভৈয়াম অঞ্চল) মন্ত্ৰী ড° ৰানোজ পেগু ।
অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম অঞ্চল) বিভাগৰ সহযোগত আয়োজন কৰা হৈছিল এই অনুষ্ঠানটি । অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰী ড০ পেগুৱে ভগৱান বীৰছা মুণ্ডাক তেওঁৰ প্ৰতিকৃতিত মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মহাৰাষ্ট্ৰৰ গড়চিৰোলিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনজাতীয় গৌৰৱ দিৱস উদযাপনো তেওঁ কাৰ্যতঃ প্ৰত্যক্ষ কৰিছিল।
জনজাতীয় সমাজ আৰু অসমৰ সামাজিক জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২৬ বৰ্ষৰ জনজাতীয় গৌৰৱ বঁটাৰে পাঁচগৰাকী বিশিষ্ট ব্যক্তিক সন্মানিত কৰা হয় । সম্বৰ্ধনা লাভ কৰাসকলৰ ভিতৰত আছে কিৰাট ব্ৰহ্ম, পবিত্ৰ ৰাভা, হেনপৌ গামলাউ, মংগল সিং ক'ৰ' আৰু ড° গোমতাও বসুমতাৰী।
এই উপলক্ষে জি এন এম পাঠ্যক্ৰমত অধ্যয়নৰত পাঁচগৰাকী নিৰ্বাচিত জনজাতীয় কন্যা ছাত্ৰীক নাৰ্চিং ড্ৰেছ কিট বিতৰণ কৰা হয়। জনজাতীয় হোমষ্টেৰ উন্নীতকৰণৰ বাবে নিৰ্বাচিত হিতাধিকাৰীক আৰ্থিক সাহায্যও প্ৰদান কৰা হয়।
এই অনুষ্ঠানত বডো, মিছিং, ৰাভা, তিৱা, হাজং, কাৰ্বিকে ধৰি বিভিন্ন জনজাতীয় জনগোষ্ঠীৰ শিল্পীয়ে বৰ্ণাঢ্য সাংস্কৃতিক প্ৰদৰ্শন আগবঢ়ায়। এই অনুষ্ঠানসমূহে অসমৰ জনজাতীয় সমাজৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু বৈচিত্ৰ্য প্ৰদৰ্শন কৰে।
সভাত ভাষণ দি মন্ত্ৰী ড০ পেগুৱে কয় যে ধৰ্মীয় আবা ভগৱান বীৰছা মুণ্ডাৰ জীৱন, সংগ্ৰাম, ত্যাগ আদি জনগোষ্ঠীৰ অধিকাৰ, পৰিচয়, মৰ্যাদা ৰক্ষাৰ বাবে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰেৰণাৰ উৎস হৈ আহিছে। তেওঁ লগতে কয় যে জনজাতীয় জনগোষ্ঠীৰ শিক্ষা, স্বাস্থ্য, জীৱিকা, আৰু সামগ্ৰিক উন্নয়ন সুনিশ্চিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক ব্যৱস্থাই উন্নয়নৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে।
জনজাতি স্বায়ত্তশাসিত পৰিষদৰ সক্ৰিয় সহযোগিতাৰে উন্নয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জনজাতীয় জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, পৰম্পৰা, আৰু অনন্য পৰিচয় সংৰক্ষণৰ বাবেও সামূহিক প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ ৰাষ্ট্ৰীয় সংকল্প বাস্তৱায়িত কৰিবলৈ জনজাতীয় জনগোষ্ঠীসমূহৰ সক্ৰিয় অংশগ্ৰহণ আৰু সৰ্বাংগীন উন্নয়ন অতি প্ৰয়োজনীয়।
শেষত ড° পেগুৱে ভগৱান বীৰছা মুণ্ডাৰ উচ্চ আদৰ্শ আৰু অমূল্য অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰি সকলো অসমীয়ালৈ জনজাতীয় গৌৰৱ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ