জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ঐতিহাসিক টীয়ক নদীৰ ঘাটত ষঠ পূজা উদযাপন
যোৰহাট, ১৫ নৱেম্বৰ (হি.স.)। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ঐতিহাসিক টীয়ক নদীৰ ঘাটত ষঠ পূজা উদযাপন। আজি ষঠ পূজা। মূলতঃ সূৰ্য দেৱতা আৰু তেওঁৰ ভগ্নী ষষ্ঠী দেৱীৰ আৰাধনা কৰা হয়। কাতি মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত এই উৎসৱ পালন কৰা হয়। টীয়ক নদীৰ ঘাটৰ পৰম্পৰাগ
জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ঐতিহাসিক টীয়ক নদীৰ ঘাটত ষঠ পূজা উদযাপন


জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ঐতিহাসিক টীয়ক নদীৰ ঘাটত ষঠ পূজা উদযাপন


জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ঐতিহাসিক টীয়ক নদীৰ ঘাটত ষঠ পূজা উদযাপন


যোৰহাট, ১৫ নৱেম্বৰ (হি.স.)। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ঐতিহাসিক টীয়ক নদীৰ ঘাটত ষঠ পূজা উদযাপন। আজি ষঠ পূজা। মূলতঃ সূৰ্য দেৱতা আৰু তেওঁৰ ভগ্নী ষষ্ঠী দেৱীৰ আৰাধনা কৰা হয়। কাতি মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত এই উৎসৱ পালন কৰা হয়। টীয়ক নদীৰ ঘাটৰ পৰম্পৰাগত ভাৱে আজি ষঠ পূজা পালন কৰা হয় ।

ঘাইকৈ বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশত এই উৎসৱ উদযাপন কৰা হয় যদিও বৰ্তমান টীয়ক নদীৰ এই ঐতিহাসিক ঘাটত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজে সহযোগ কৰে। প্ৰথম অৱস্থাত মাত্ৰ দুটা হিন্দীভাষী পৰিয়ালে আৰম্ভ কৰা এই পূজাভাগে বৰ্তমান ৮০ টা বৰ্ষ সম্পূৰ্ণ কৰিছে, আজি সূৰ্য অস্ত আৰু কালিলৈ সূৰ্য উদয়ৰ সময়ত পৰম্পৰাগত ৰীতি-নীতিৰে অতি উলহ মালহে এইদৰে টীয়ক নদীৰ ঘাটত উদযাপন হৈছে ষঠ পূজা।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande