গান্স এন ৰোজেছ কনচাৰ্টৰ বাবে গুৱাহাটীত যান-বাহন নিষেধাজ্ঞা আৰু বিশেষ পাৰ্কিঙৰ ব্যৱস্থা
গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় ক্ৰীড়া খেলপথাৰত ১৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ৰক বেণ্ড গান্স এন ৰোজছৰ কনচাৰ্টৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰক্ষী আয়ুক্তই যাতায়ত বাধা আৰু বিশেষ পাৰ্কিঙৰ ব্যৱস
অসম আৰক্ষীৰ ল'গ'


গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় ক্ৰীড়া খেলপথাৰত ১৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ৰক বেণ্ড গান্স এন ৰোজছৰ কনচাৰ্টৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰক্ষী আয়ুক্তই যাতায়ত বাধা আৰু বিশেষ পাৰ্কিঙৰ ব্যৱস্থা ঘোষণা কৰিছে।

দেওবাৰে জাৰি কৰা আৰক্ষীৰ নিৰ্দেশনা অনুসৰি এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে সাধাৰণ জনতাৰ বিশেষকৈ শিশু, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক, আৰু বিশেষভাৱে সক্ষম লোকৰ সুৰক্ষা নিশ্চিত কৰা আৰু এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন, স্কুল বাছৰ দৰে অত্যাৱশ্যকীয় বাহনসমূহৰ মসৃণ গতিবিধি নিশ্চিত কৰা।

নিৰ্ধাৰিত কনচাৰ্টৰ দিনা বিয়লি ৩ বজাৰ পৰা জি এছ ৰোডত সকলো ধৰণৰ বাণিজ্যিক সামগ্ৰীৰ বাহন আৰু লেহেমীয়াকৈ চলা বাহন নিষিদ্ধ কৰা হ’ব। এই বাধা ছিক্সমাইল আণ্ডাৰব্ৰিজৰ পৰা খানাপাৰা ৰটাৰীলৈ আৰু ছিক্সমাইল আণ্ডাৰব্ৰিজৰ পৰা জয়নগৰ চাৰিআলি হৈ বালুঘাট ত্ৰিপুৰা গালীলৈ প্ৰযোজ্য হ’ব। ইয়াৰ উপৰিও বেলতলা তিনিআলিৰ পৰা জয়নগৰ চাৰিআলি আৰু জয়নগৰ চাৰিআলিৰ পৰা এ পি এছ চি পইণ্টলৈ যাতায়ত নিয়ন্ত্ৰণ কৰা হ’ব।

দুপৰীয়া ২ বজাৰ পৰা প্ৰিজন গেট পইণ্টৰ পৰা কইনাধৰা পইণ্টলৈ, কেভি খানাপাৰাৰ পৰা এপিএছচি পইণ্টলৈ, আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কইনাধৰা পইণ্টৰ পৰা খানাপাৰা ৰটাৰীলৈ চাৰ্ভিচ লেনত বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হ’ব।

ছিক্সমাইল আণ্ডাৰব্ৰিজৰ পৰা খানাপাৰা ৰটাৰীলৈ জি এছ ৰোডৰ দুয়োকাষে পথৰ কাষত পাৰ্কিং নিষিদ্ধ কৰিছে আৰক্ষীয়ে। একেদৰে ছিক্সমাইল, জয়নগৰ চাৰিআলি, ত্ৰিপুৰা গালী, বালুঘাট, আৰু এ পি এছ চি পইণ্টৰ বিভিন্ন স্থানত পথৰ কাষত পাৰ্কিংৰ অনুমতি দিয়া নহ’ব। খানাপাৰা ৰটাৰীৰ পৰা পিংকু কাটিং আৰু গ্ৰীণউড ৰিজ’ৰ্টলৈকে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াৰ চাৰ্ভিচ ৰোডতো পাৰ্কিং নিষিদ্ধ কৰা হ’ব।

নিৰ্দিষ্ট পাৰ্কিং স্থান

জি এছ ৰোডৰ পৰা অহা লোকসকলৰ বাবে কৃষি সঞ্চালকালয় (কৃষি ভৱন), জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কালামন্দিৰ, পশু চিকিৎসা ফাৰ্ম গেট, অসম সম্ঝৌতা মৈদান, পশু চিকিৎসা মহাবিদ্যালয় চৌহদ, আৰু অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে।

উচ্চ অসম আৰু মেঘালয়ৰ পৰা অহা লোকসকলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মুকুট পাৰ্কিং, দেবাশী পাৰ্কিং, পিংকু পাৰ্কিং, আৰু বশিষ্ঠ মন্দিৰ পথ ব্যৱহাৰ কৰিব পাৰিব।

নিম্ন অসমৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, বেলতলা, আৰু জয়নগৰ চাৰিআলি হৈ অহাসকলৰ বাবে ত্ৰিপুৰা গালী, বালুঘাট, জুডিঅ' শ্ব'ৰুমৰ সমীপত, লীলা টাৱাৰৰ ওচৰত ব্যক্তিগত পাৰ্কিং, আৰু কেভি খানাপাৰাত পাৰ্কিং উপলব্ধ হ'ব।

বেলতলা বিহুতলী খেলপথাৰ, খানাপাৰাত জিএমচি পাৰ্কিং, আৰু মিনি আইএছবিটি খানাপাৰাত দুচকীয়া বাহনৰ বাবে পাৰ্কিং উপলব্ধ হ’ব।

পাৰ্কিং স্থান সীমিত হোৱাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে জনসাধাৰণক সম্ভৱ হ’লে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। সকলো নিৰ্দিষ্ট পাৰ্কিং স্থান প্ৰথমে অহা প্ৰথমে পোৱাৰ ভিত্তিত উপলব্ধ হ’ব। পাৰ্কিং স্থানৰ উপলব্ধতা সম্পৰ্কীয় তথ্য গুৱাহাটী আৰক্ষী আয়ুক্ত আৰু গুৱাহাটী যান-বাহন আৰক্ষীৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা হ’ব।

টিকটৰ ওপৰত ভিত্তি কৰি প্ৰৱেশৰ ব্যৱস্থা

ৰূপালী টিকটধাৰীয়ে পুৰণি চি পি অফিচ ৰোডত অৱস্থিত ৫, ৬, ৭, ৮, আৰু ৯ নং গেটেৰে প্ৰৱেশ কৰিব লাগিব। সোণৰ টিকটধাৰীয়ে এ পি এছ চিৰ সন্মুখৰ ৱাকিং জ’নত অৱস্থিত ১১ নং গেটেৰে প্ৰৱেশ কৰিব লাগিব। প্লেটিনাম লাউঞ্জৰ টিকটধাৰীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালা (ৰোহিকা)ৰ সমীপত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সেৱা পথত অৱস্থিত ৪ নং গেটেৰে প্ৰৱেশ কৰিব লাগিব।

ৰূপালী আৰু সোণৰ টিকটধাৰীক জি এছ ৰোডৰ পৰা এ পি এছ চি পইণ্টত আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কইনাধৰা পইণ্টত নমাই দিয়া হ’ব। প্লেটিনাম লাউঞ্জৰ টিকটধাৰীক ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ ৰোডৰ নিৰ্দিষ্ট স্থানত থৈ দিয়া হ’ব। তাৰ পিছত নিৰ্দিষ্ট পাৰ্কিং স্থানত বাহন ৰখাব পাৰিব।

জি এছ ৰোডৰ পৰা অহা উবেৰ আৰু ৰেপিডোৰ দৰে কেব সেৱা ব্যৱহাৰ কৰা যাত্ৰীসকলক জ্যোতি-বিষ্ণু ইণ্টাৰনেশ্যনেল কালামন্দিৰৰ ১ নং গেটত নমাই দিয়া হ’ব। ইয়াৰ পিছত চিলপাগ্ৰাম হৈ পাঞ্জাবাৰী অভিমুখে আগবাঢ়িব কেব। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অহা যাত্ৰীসকলৰ বাবে কে কে হেণ্ডিক ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সন্মুখত এটা ড্ৰপ অফ পইণ্ট নিৰ্ধাৰণ কৰা হৈছে। তাৰ পৰা ক’ইনাধৰা পইণ্টৰ দিশে কেব ৰাওনা হ’ব।

আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে এই নিষেধাজ্ঞাৰ দ্বাৰা অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন, এম্বুলেন্স, জীৱন ৰক্ষাকাৰী ঔষধ আৰু অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই নিয়া বাহন, স্কুল বাছ, গাখীৰৰ ট্ৰাক, বা স্থানীয় বাসিন্দাসকলৰ চলাচলত কোনো প্ৰভাৱ নপৰে।

গুৱাহাটী আৰক্ষী আয়ুক্তৰ যান-বাহন বিভাগে নিৰ্ধাৰিত যান-বাহন নিয়ম মানি চলি আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে যাতে আন্তঃৰাষ্ট্ৰীয় সংগীত কনচাৰ্টটো নিৰাপদে আৰু সুকলমে অনুষ্ঠিত কৰিব পৰা যায়। --------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande