

গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। আজি পবিত্ৰ ষঠ পূজা। এমাহজোৰা কঠোৰ ব্ৰত আৰু নীতি-নিয়ম পালনৰ অন্তত ভক্তি ভাৱেৰে ষঠী মাইয়াৰ পূজা-অৰ্চনা কৰে ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলে। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উলহ-মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ ষঠ পূজা।
ইয়াৰ ব্যতিক্ৰম নহয় যোৰাবাটো। যোৰাবাট ষঠ সেৱা সমিতিৰ উদ্যোগত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ষঠ পূজাৰ।
পূজাক কেন্দ্ৰ কৰি পুৱাৰে পৰাই যোৰাবাটত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। ষঠী মাইয়াৰ আৰাধনা, ভক্তিমূলক পৰিৱেশ আৰু ভক্তসকলৰ উপস্থিতিৰে সম্পূৰ্ণ উৎসৱমুখৰ হৈ পৰিছে যোৰাবাটৰ আকাশ-বতাহ। সামগ্ৰিকভাৱে ষঠ পূজাক কেন্দ্ৰ কৰি যোৰাবাটত সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ।
হিন্দুস্থান সমাচাৰ / Narayan Kar