
গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫১ সংখ্যক জয়ন্তী উপলক্ষে আজি বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কার্যালয়ত 'জনজাতীয় গৌৰৱ দিৱস' পালন কৰা হয়। এই উপলক্ষে মহান জনজাতীয় নেতা তথা স্বাধীনতা সংগ্রামী ভগৱান বীৰছা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে প্ৰদেশ বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই।
শ্রদ্ধাঞ্জলি অনুষ্ঠানত মহান বীৰগৰাকীক স্মৰণ কৰি সভাপতি শইকীয়াই কয় যে ১৮৭৫ চনত জন্মগ্রহণ কৰা ভগৱান বীৰচা মুণ্ডাই মাত্র ২৫ বছৰ বয়সতে ব্ৰিটিছৰ ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে সর্বাত্মক বিদ্রোহেৰে দেশপ্ৰেমৰ অমৰ নিদর্শন দাঙি ধৰিছিল। পূৰ্বৰ বিহাৰ তথা বৰ্তমানৰ ঝাৰখণ্ডৰ এক প্রত্যন্ত অঞ্চলত জন্মগ্রহণ কৰা এই বীৰগৰাকীয়ে ব্ৰিটিছৰ ৰোষৰ বলি হৈ কাৰাৰুদ্ধ অৱস্থাতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। শ্বহীদ বীৰ ভগৱান বীৰছা মুণ্ডাই জনজাতীয় সমাজক শোষণৰ পৰা মুক্তিৰ বাট দেখুৱাইছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সাহসেৰে যুঁজি আত্ম বলিদান দিয়া ভগৱান বীৰছা মুণ্ডা কেৱল জনজাতীয় সমাজৰ বাবেই নহয়, সমগ্র দেশবাসীৰ বাবেই এক স্বাভিমানৰ উজ্জ্বল প্রতীক।
তেখেতৰ সাহস, ত্যাগ, সংগ্রামী চেতনা আৰু দেশপ্রেমৰ আদর্শই অনাগত প্রজন্মক সদায়েই অনুপ্রাণিত কৰি থাকিব বুলি সভাপতিগৰাকীয়ে বীৰ শ্বহীদগৰাকীলৈ সশ্রদ্ধ স্মৰণ কৰে। উল্লেখযোগ্য যে আজিৰ কাৰ্যসূচীত ৰাজ্যিক সাধাৰণ সম্পাদক তথা বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, দলৰ ৰাজ্যিক সম্পাদক বিতুপন দলে, কার্যালয় সম্পাদক সুশান্ত বিশ্বাস প্রমুখ্যে দলৰ বহু সংখ্যক জ্যেষ্ঠ নেতা আৰু কার্যকর্তা উপস্থিত থাকে।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ