ভাৰত বিৰোধী শক্তিৰ একত্ৰিত মঞ্চত পৰিণত হৈছে ৰাহুল গান্ধীৰ কংগ্ৰেছ দল
ভাৰতবৰ্ষৰ শান্তি শৃংখলা ভংগৰ বাবে বিদেশী শক্তিৰ শৰণাপন্ন ৰাহুল গান্ধী গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। হায়দৰাবাদত যোৱা ১৪ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ ''ভাৰত ছামিট ২০২৬''ৰ সামৰণি অনুষ্ঠানত ইটালীৰ নেতা জিয়াকোমো ফিলিবেকে ভাৰতীয়
বিজেপিৰ ল'গ'


-ভাৰতবৰ্ষৰ শান্তি শৃংখলা ভংগৰ বাবে বিদেশী শক্তিৰ শৰণাপন্ন ৰাহুল গান্ধী

গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। হায়দৰাবাদত যোৱা ১৪ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ 'ভাৰত ছামিট ২০২৬'ৰ সামৰণি অনুষ্ঠানত ইটালীৰ নেতা জিয়াকোমো ফিলিবেকে ভাৰতীয় গণতন্ত্র বিৰোধী আৰু দেশৰ নিৰ্বাচনী ব্যৱস্থা সন্দৰ্ভত কৰা বিৰূপ মন্তব্য আৰু শ্লোগানৰ তীব্ৰ বিৰোধীতা কৰে অসম ৰাজ্যিক বিজেপিয়ে।

দলৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা এক বিবৃতিযোগে বিজেপিৰ মুখপাত্র প্রাঞ্জল কলিতাই কয় যে তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিবলৈ দেশ বিৰোধী বিদেশী নেতাক মঞ্চ প্রদান কৰিছে। ৰাজনৈতিক জীৱনত শতাধিক নির্বাচনত পৰাজয় বৰণ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষৰ জনতাৰ সমৰ্থন আদায় কৰিব নোৱাৰি চৰম হতাশগ্রস্ত হৈ পৰিছে। মানসিক বিপর্যয়ৰ সন্মুখীন হোৱা ৰাহুল গান্ধীৰ কংগ্ৰেছ দলে বিদেশী শক্তি আৰু জৰ্জ ছৰোচৰ হাতৰ পুতলা হৈ পৰিছে । বিদেশী শক্তি আৰু পুঁজিৰ সহায়ত কংগ্ৰেছে ভাৰতত চৰকাৰ পৰিৱৰ্তন কৰাৰ কু–অভিসন্ধিত লিপ্ত হোৱা পৰিলক্ষিত হৈছে।

বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি উল্লেখ কৰে যে কংগ্ৰেছে বিদেশী শক্তিৰ আমদানী কৰি ভাৰতবৰ্ষত অৰাজকতা বিয়পোৱাৰ বৃথা চেষ্টা অব্যাহত ৰাখিছে। ভাৰত বিৰোধী জৰ্জ ছৰোচৰ টকাৰে কংগ্ৰেছ দল নিয়ন্ত্রীত হোৱাৰ ভয়ংকৰ অভিযোগ তুলি কলিতাই কয় যে-কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীয়ে উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ফৰাম অৱ ডেম'ক্রেটিক লিডাৰ্ছ ইন এছিয়া-পেচিফিক নামৰ সংস্থাটোৱে জৰ্জ ছৰোচৰ ফাউণ্ডেচনৰ পৰা নিয়মিত পুঁজি লাভ কৰে। এই সংস্থাটোৱে কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বাতিলৰ বিৰোধীতা কৰাৰ লগতে কাশ্মীৰক এক স্বাধীন সত্তা হিচাপে মর্যাদা প্ৰদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন মহলত জনমত গঠনত চেষ্টা চলাই আহিছে। তদুপৰি ভাৰত ছামিট'ত উপস্থিত থকা আন এগৰাকী ব্যক্তি শলিল শেট্টীয়ে ভাৰতবিৰোধী মন্তব্যৰে কাৰাবৰণ কৰি থকা উমৰ খালিদক মানৱ অধিকাৰ ৰক্ষাৰ বাবে পুৰস্কৃত কৰিছিল । ছৰোচৰ সংস্থা 'অ'পেন ছ'চাইটি ফাউণ্ডেচন'ৰ উপ-সভাপতি হিচাপে কার্যনির্বাহ কৰা এইগৰাকী শলিল শেট্রীয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্রাতো অংশগ্ৰহণ কৰিছিল। তদুপৰি 'অ'পেন ছ'চাইটি ফাউণ্ডেচন'ৰ প্রাক্তন অধ্যক্ষ পেট্রিক গেছপাৰ্দও কংগ্ৰেছৰ ভাৰত বিৰোধী সন্মিলনত আমন্ত্রিত অতিথি হিচাপে অংশগ্রহণ কৰিছিল ।

উল্লেখযোগ্য যে আমেৰিকা ভ্ৰমণৰ সময়ত ছৰোচৰ পুঁজি লাভ কৰা লোকসকলক ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰাৰ বহু তথ্যও ইতিমধ্যে পোহৰলৈ আহিছে। ছৰোচৰ পুঁজিৰে চলা অনুসন্ধানমূলক সাংবাদিকতাৰ মঞ্চ অ'চিচিআৰপিৰ ভিত্তিহীন প্রতিবেদনসমূহক ব্যৱহাৰ কৰিয়েই ৰাহুল গান্ধীয়ে ভাৰতীয় অর্থনীতি আৰু গণতন্ত্রক আক্ৰমণৰ লক্ষ্য কৰি লয় বুলিও মুখপাত্ৰগৰাকীয়ে ৰাহুল গান্ধীক চোকা সমালোচনা কৰে । তাৰোপৰি ২০২০ চনৰ ডাভোচৰ বিশ্ব অৰ্থনৈতিক মঞ্চ ত জর্জ ছৰোচে ভাৰতত নাগৰিকত্ব সংশোধনী আইন (চিএএ) আৰু কাশ্মীৰৰ বিশেষ মর্যাদা প্রত্যাহাৰৰ প্ৰসংগ টানি আনি ভাৰতত এক হিন্দু জাতীয়তাবাদী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা হৈছে বুলি প্রকাশ কৰি ভাৰতবৰ্ষত বসবাস কৰা অবৈধ নাগৰিক আৰু সন্ত্রাসবাদক মুকলি সমর্থন জনাইছিল বুলিও মুখপাত্ৰগৰাকীয়ে বৰ্ণনা কৰে।

উল্লেখযোগ্য যে কংগ্ৰেছৰ ভাৰত ছামিট'ত উপস্থিত থকা আন এগৰাকী ব্যক্তি বের্ট কইণ্ডার্চ, যিয়ে ১৯৯৮ চনৰ ভাৰতবৰ্ষৰ পাৰমাণৱিক পৰীক্ষাৰ তীব্ৰ বিৰোধীতা কৰিছিল। তদুপৰি ড০ সুজাতা যিয়ে অপাৰেছন সিন্দুৰৰ বিৰোধীতা কৰি ভাৰতীয় সেনাবাহীনিৰ পৰাক্ৰমৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু মালেছিয়াৰ ৰাজনৈতিক নেতা নুরুল ইজাজ যিয়ে ভাৰতবৰ্ষৰ সিন্ধু জল চুক্তিৰ বিৰোধীতা কৰি পাকিস্তান পক্ষত মাত মাতিছিল, এইসকল ভাৰতবিৰোধী শক্তিক ভাৰত ছামিট'ত মঞ্চ প্রদান কৰি কংগ্ৰেছে ভাৰতবৰ্ষৰ গণতন্ত্ৰক অস্থিৰ কৰাৰ পৰিকল্পনা যুগুত কৰিছে।

বিদেশী শক্তিক পৰাভূত কৰি ভাৰতবৰ্ষক স্বাধীন কৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ কংগ্ৰেছৰ দলৰ ৰাষ্ট্ৰপ্ৰেমী আদৰ্শক ধুলিস্যাৎ কৰি ৰাহুল গান্ধীয়ে এতিয়া ভাৰতবিৰোধী বিদেশী শক্তিসমূহৰ লগতহে হাত মিলোবা দেখা গৈছে। বিদেশী শক্তিসমূহে এতিয়া কংগ্ৰেছৰ শেষ আশা ভৰষা হিচাপে পৰিগণিত হৈছে। বিভিন্ন প্ৰকাৰে অব্যাহত ৰখা ভাৰতবৰ্ষৰ আভ্যন্তৰীণ শান্তি শৃংখলা ভংগ কৰাৰ চেষ্টা বিফল হোৱাৰ পিছত বিদেশী শক্তিৰ শৰণাপন্ন হোৱা বিষয়টোৱে দেশৰ প্ৰধান বিৰোধী দলটোৰ ভাৰত মাতৃ বিৰোধী চক্রান্ত পুনৰ উদঙাই দিছে।

হায়দৰাবাদত অনুষ্ঠিত হোৱা কংগ্ৰেছ সমর্থিত ভাৰত ছামিটত বিদেশী প্রতিনিধি আৰু ছৰোচৰ সৈতে জড়িত লোকসকলৰ উপস্থিতিত ৰাহুল গান্ধীয়ে ভাৰতীয় গণতন্ত্ৰক চৰম অপমান কৰা বুলিও মুখপাত্ৰগৰাকীয়ে অভিযোগ উত্থাপন কৰে। ১৯৮৩ চনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা ইটালীৰ নাগৰিক ছোনিয়া গান্ধীয়ে ১৯৮০ চনতে ভোটাধিকাৰ লাভ কৰা বিষয়টোক সমালোচনা কৰাৰ পৰা বিৰত থকা ইটালীৰ নেতা জিয়াকোমো ফিলিবেকৰ ভাৰতবৰ্ষৰ সুস্থ গণতন্ত্ৰ আৰু বিশুদ্ধ নির্বাচন ব্যৱস্থাৰ প্ৰতি মন্তব্য কৰাৰ অধিকাৰ নাই বুলিও মুখপাত্র প্রাঞ্জল কলিতাই প্ৰেছ বিবৃতিটোৰ জৰিয়তে সকীয়াই দিয়ে।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande