আৰ এছ এছৰ শতবাৰ্ষিকীত যোধপুৰত পথ সঞ্চালন, উপস্থিত থাকে ডা° মোহন ভাগৱত
যোধপুৰত আৰএছএছৰ শোভাযাত্ৰাত পাঁচ হাজাৰৰো অধিক স্বেচ্ছাসেৱকৰ অংশগ্ৰহণ যোধপুৰ, ১৪ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ শতবাৰ্ষিকী উপলক্ষে যোধপুৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা চাৰিদিনীয়া মাৰু নিনাদ শিবিৰৰ অংশ হিচাপে শনিবাৰে মহানগৰীৰ
jodhpur


- যোধপুৰত আৰএছএছৰ শোভাযাত্ৰাত পাঁচ হাজাৰৰো অধিক স্বেচ্ছাসেৱকৰ অংশগ্ৰহণ

যোধপুৰ, ১৪ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ শতবাৰ্ষিকী উপলক্ষে যোধপুৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা চাৰিদিনীয়া মাৰু নিনাদ শিবিৰৰ অংশ হিচাপে শনিবাৰে মহানগৰীৰ তিনিটা পথত শোভাযাত্ৰা উলিওৱা হয়। পাঁচ হাজাৰৰো অধিক স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰে। বাসিন্দাসকলে বিভিন্ন স্থানত ফুলৰ বৰষুণেৰে শোভাযাত্ৰাক আদৰণি জনায়। আৰ এছ এছৰ সৰসংঘচালক ডা° মোহন ভাগৱতো উপস্থিত থাকে। তেওঁ জালোৰী গেটত উপস্থিত হৈ পথ সঞ্চালন নিৰীক্ষণ কৰিলে।

কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে বিয়লি ৪ বজাত পথ সঞ্চালন উলিওৱা হয়। তিনিটা নিৰ্দিষ্ট পথৰ পৰা একেলগে যাত্ৰা আৰম্ভ কৰি প্ৰায় ৫০ মিনিটত গন্তব্যস্থানত উপস্থিত হয়। প্ৰথম পথ সঞ্চালন চুমেৰ স্কুলৰ পৰা আৰম্ভ হৈ পাউটা চৌহদ আৰু আদালতৰ মাজেৰে পাৰ হৈ উমাইদ ষ্টেডিয়াম পালেগৈ। দ্বিতীয় শোভাযাত্ৰা উমাইদ ষ্টেডিয়ামৰ পৰা নাই সাদক, জালোৰী গেট, গোল বিল্ডিং, আৰু বি ৰোড হৈ গান্ধী ময়দান পালেগৈ। গান্ধী ময়দানৰ পৰা আৰম্ভ হৈ জলজোগ চৌহদ, ১২ নং পথ, আৰু অখলীয়া চৌহদৰ মাজেৰে গৈ প্ৰতাপনগৰৰ আদৰ্শ বিদ্যা মন্দিৰ কেশৱ কেম্পাছত সামৰণি পৰে।

শোভাযাত্ৰাৰ পথত ব্যৱসায়ী, সামাজিক সংগঠন, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে স্বেচ্ছাসেৱকসকলক ফুলৰ বৰষুণেৰে আদৰণি জনায়। মহিলাসকলে শুভ পাত্ৰ লৈ শুভ গীত গাই, প্ৰদীপ জ্বলাই তেওঁলোকক সম্ভাষণ জনায়। সন্তসকলৰ উপস্থিতিত ডাঙৰ ডাঙৰ ছেক্সনত আদৰণি মঞ্চ সজাই তোলা হৈছিল। আদৰণি গেট, ৰেংগোলি, কাৰ্পেট আদিও ৰখা হৈছিল। মাৰোৱাৰৰ দেৱ-দেৱী, মহাপুৰুষ, সন্ত, সাহসী মহিলাৰ ছবিও প্ৰদৰ্শন কৰা হৈছিল।

অনুষ্ঠানৰ বাবে বিভিন্ন সাজ-পোছাক পৰিধান কৰি আহি উপস্থিত হয় কন্যাসকল। কোনোৱে দুৰ্গা দেৱী, কোনোবাই ভাৰত মা, কোনোবাই কালি দেৱীৰ ৰূপত সাজ-পোছাক পৰিধান কৰিছিল। ইয়াৰ উপৰিও কেইবাগৰাকীও যুৱতীয়ে অহিল্যাবাই, লক্ষ্মীবাই আৰু ৰাণী আব্বাক্কাৰ ৰূপত সাজ-পোছাক পৰিধান কৰি পথ সঞ্চালনৰ আদৰণি জনায়। পথ সঞ্চালনক আদৰণি জনাই জালোৰী গেট চাৰিআলিত বৃহৎ সংখ্যক মহিলা সমবেত হয়। কেশৰ পাগুৰি পিন্ধি ইয়ালৈ মহিলা আহিছিল। তেওঁলোকে ৰামায়ণৰ উত্তৰকাণ্ডৰ শ্লোক পাঠ কৰিছিল। ইয়াৰ ভিতৰত জয় সিয়া ৰামৰ সুৰত ভগৱান ৰামৰ ৰাজ অভিষেক সম্পৰ্কীয় শ্লোক গোৱা হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande