জল জীৱন মিছন ২.০ৰ অধীনত গ্ৰাম পঞ্চায়তসমূহক অৰ্পণ কৰা হ’ব খোৱাপানী আঁচনি পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব
নতুন দিল্লী, ১৪ নৱেম্বৰ (হি.স.)। জল জীৱন মিছন ২.০ৰ অধীনত গ্ৰাম পঞ্চায়তসমূহক গ্ৰাম্য খোৱাপানী আঁচনি পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব অৰ্পণ কৰা হ’ব । ইয়াৰ বাবে পঞ্চায়ত প্ৰতিনিধি আৰু পানী আৰু অনাময় সমিতিসমূহক প্ৰশিক্ষণ দিয়া হ’ব । খোৱাপানীৰ আন্
तमिलनाडु के तिरुचिरापल्ली में आयोजित जल जीवन मिशन 2.0 के पहले क्षेत्रीय सम्मेलन के समापन सत्र में शामिल अधिकारी और प्रतिनिधि।


নতুন দিল্লী, ১৪ নৱেম্বৰ (হি.স.)। জল জীৱন মিছন ২.০ৰ অধীনত গ্ৰাম পঞ্চায়তসমূহক গ্ৰাম্য খোৱাপানী আঁচনি পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব অৰ্পণ কৰা হ’ব । ইয়াৰ বাবে পঞ্চায়ত প্ৰতিনিধি আৰু পানী আৰু অনাময় সমিতিসমূহক প্ৰশিক্ষণ দিয়া হ’ব । খোৱাপানীৰ আন্তঃগাঁথনিত বৃহৎ মেৰামতি বা কাৰিকৰী বিজুতি ঘটিলে সংশ্লিষ্ট বিভাগসমূহে গ্ৰাম পঞ্চায়তসমূহক সহায় আগবঢ়াব।

জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ উদ্যোগত যোৱা ১৩ আৰু ১৪ নৱেম্বৰত তামিলনাডুৰ তিৰুচিৰাপল্লীত জল জীৱন মিছন ২.০ৰ প্ৰথমখন আঞ্চলিক সন্মিলন অনুষ্ঠিত হয়।শনিবাৰে সন্মিলনৰ দ্বিতীয় দিনা বিভাগৰ সম্পাদক অশোক কে.কে. মীনা, পাঁচখন গাঁৱৰ খোৱাপানী যোগানৰ আন্তঃগাঁথনি পৰিদৰ্শন কৰে। ইয়াৰ পিছতে পাঁচখন গাঁৱত জল অৰ্পন দিৱস উদযাপন কৰা হয়, আৰু খোৱাপানী আঁচনিৰ আন্তঃগাঁথনি গ্ৰাম পঞ্চায়তসমূহৰ হাতত অৰ্পণ কৰা হয়।

পলামনেৰী গাঁৱৰ জল অৰ্পন দিৱস উদযাপনত অংশগ্ৰহণ কৰে মীনাই। তেওঁ উল্লেখ কৰে যে খোৱাপানীৰ আন্তঃগাঁথনি গ্ৰাম পঞ্চায়তক গতাই দিয়াটো কেৱল আনুষ্ঠানিক প্ৰক্ৰিয়া নহয়, বৰঞ্চ নিয়মীয়া খোৱাপানী সেৱা প্ৰদানৰ এক ভাগ-বতৰা দায়িত্বৰ আৰম্ভণি। এই অভিযানৰ লক্ষ্য কেৱল ঘৰুৱা টেপৰ সংযোগ প্ৰদান কৰাই নহয়, নিয়মীয়া, নিৰাপদ আৰু নিৰ্ভৰযোগ্য খোৱাপানীৰ যোগান নিশ্চিত কৰা। ইয়াৰ ভিতৰত আছে টেপৰ পৰা পোনপটীয়াকৈ ঘৰলৈ খোৱাপানী যোগান ধৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনা, ২৪/৭।

খোৱাপানী প্ৰকল্প পৰিচালনাৰ বাবে গ্ৰাম পঞ্চায়তসমূহক নিৰন্তৰ কাৰিকৰী সহায় আৰু প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে স্থানীয় পৰিস্থিতিৰ লগত প্ৰশিক্ষণ সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰয়োজনীয়তা আৰু বৰষুণৰ পানী সংগ্ৰহ, ভূগৰ্ভস্থ পানী পুনৰ ভৰোৱা, আৰু পানীৰ উৎস সংৰক্ষণৰ পৰিকল্পনাৰ বাবে সিদ্ধান্ত সমৰ্থন ব্যৱস্থাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰাষ্ট্ৰীয় জল জীৱন অভিযানৰ অতিৰিক্ত সম্পাদক তথা মিছন সঞ্চালক কমল কিশোৰ সোনে পলামনেৰী গাঁৱৰ ঘৰুৱা টেপৰ পৰা পোনপটীয়াকৈ পানী খাইছিল। খোৱাপানীৰ আন্তঃগাঁথনিৰ বৃহৎ মেৰামতি বা বিজুতি ঘটিলে গ্ৰাম পঞ্চায়তসমূহে সংশ্লিষ্ট বিভাগসমূহৰ পৰা কাৰিকৰী সাহায্য লাভ কৰিব লাগে বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।

সন্মিলনৰ সময়ত পাঁচটা দলে বাডুগাকুডি, থিৰুচিনাম্পুণ্ডি, নোচিয়াম, আৰু কিলানবিলত খোৱাপানী যোগানৰ আন্তঃগাঁথনি পৰিদৰ্শন কৰে। পৰৱৰ্তী সময়ত পালামনেৰী, আম্বেদকাৰ নগৰ, তিৰুনামনগৰ, অয়্যাম্পলায়ম, আৰু পুথু উথমানুৰত জালা অৰ্পন দিৱস উদযাপন কৰা হয়। গ্ৰাম পঞ্চায়ত, জল আৰু অনাময় সমিতি, মহিলা আত্মসহায়ক গোট, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, আৰু স্থানীয় বাসিন্দাসকলে অংশগ্ৰহণ কৰে। গ্ৰাম পঞ্চায়তসমূহক প্ৰকল্পৰ নথি-পত্ৰ প্ৰদান কৰাৰ লগতে আন্তঃগাঁথনিৰ মানচিত্ৰও প্ৰস্তুত কৰা হয়।

বিভাগটোৰ যুটীয়া সম্পাদক ডি চেন্থিল পাণ্ডিয়ানে উল্লেখ কৰে যে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা বিভাগীয় সন্মিলনৰ পিছত জল জীৱন মিছন ২.০ সংস্কাৰ ৰূপায়ণৰ বাবে পঞ্চায়তীৰাজ, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ, জনজাতি পৰিক্ৰমা, আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰা হৈছে। ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনাৰ পূৰ্বে নিৰ্ধাৰিত সময়সীমা অনুসৰি সংস্কাৰসমূহ কাৰ্যকৰী কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিয়া হৈছে।

দুদিনীয়া এই আঞ্চলিক সন্মিলনত সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে অংশগ্ৰহণ কৰে। প্ৰথম দিনাই কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চি.আৰ.পাটিলে বাকী থকা কামসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ লগতে মিছনৰ অধীনত প্ৰস্তাৱিত সংস্কাৰসমূহ ৰূপায়ণৰ পৰ্যালোচনা কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande