
নতুন দিল্লী, ১৪ নৱেম্বৰ (হি.স.)। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শনিবাৰে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত থকা তেওঁৰ প্ৰতিকৃতিক পুস্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেকে ধৰি সংসদৰ সদস্য আৰু প্ৰাক্তন সংসদ সদস্যসকলেও নেহৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লোকসভা সচিবালয়ৰ তথ্য অনুসৰি, লোকসভাৰ প্ৰধানসচিব উৎপল কুমাৰ সিং আৰু ৰাজ্যসভাৰ মহাসচিব পি চি মোদীয়েও এই উপলক্ষে পণ্ডিত নেহৰুৰ প্ৰতিকৃতিক ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
১৯৬৬ চনৰ ৫ মে’ত তেতিয়াৰ সংসদ ভৱন নামেৰে পৰিচিত সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত পণ্ডিত নেহৰুৰ প্ৰতিকৃতি উন্মোচন কৰিছিল তেতিয়াৰ ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ