
হায়দৰাবাদ, ১৪ নৱেম্বৰ (হি.স.)। কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে হায়দৰাবাদত গিগ কৰ্মীৰ বাবে বাইক ৰেলীত অংশগ্ৰহণ কৰে। তেলেংগানা গিগ ৱৰ্কাৰছ ছ’চিয়েল ছিকিউৰিটি এণ্ড ৱেলফেয়াৰ আঁচনিৰ শুভাৰম্ভণিৰ পূৰ্বে এই সমাৱেশ অনুষ্ঠিত হয়। তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেভন্ত ৰেড্ডীকে ধৰি অন্যান্য কংগ্ৰেছ নেতাসকলো উপস্থিত থাকে।
শিলপাৰামম প্ৰেক্ষাগৃহত আৰম্ভ হোৱা এই সমাৱেশৰ সামৰণি পৰে মহানগৰীৰ আই টি কৰিড’ৰত অৱস্থিত মাধাপুৰৰ জয়াবেৰী খেলপথাৰত। ৰেলীৰ সময়ত ৰাহুল গান্ধীয়ে বাইকৰ পিছত বহি গিগ কৰ্মীৰ সৈতে ৰেলীত যোগদান কৰে।
আঁচনিখনৰ শুভাৰম্ভণি অনুষ্ঠানত গিগ কৰ্মীসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ সমস্যা আৰু উদ্বেগ সমাধানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। তেওঁ কয়, তেলেংগানাত গিগ ৱৰ্কাৰৰ সৈতে মোৰ এখন বৈঠক হৈছিল। সেই বৈঠকৰ সময়ত আপুনি আপোনাৰ দুখ আৰু যন্ত্ৰণা ভাগ কৰিছিল। মই আপোনাক প্ৰতিশ্ৰুতি দিছিলো যে কংগ্ৰেছ পাৰ্টি, মুখ্যমন্ত্ৰী, আৰু আমি সকলোৱে আপোনাৰ দাবীৰ ওপৰত ব্যৱস্থা ল'ম। আমি আপোনাক সহায় আৰু সুৰক্ষাৰ বাবে সকলো সম্ভৱ কৰিম। আজি আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছো।
উল্লেখযোগ্য যে তেলেংগানা চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহত ‘তেলেংগানা প্লেটফৰ্ম ভিত্তিক গিগ ৱৰ্কাৰছ (পঞ্জীয়ন, সামাজিক সুৰক্ষা আৰু কল্যাণ) বিল, ২০২৬’ প্ৰণয়ন কৰিছিল।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ