
মুম্বাই, ০১ নৱেম্বৰ (হি.স.)। বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ ৬১ সংখ্যক জন্মদিনত উৎসাহিত হৈ পৰিছে অনুৰাগীসকল। তেওঁৰ আগন্তুক ছবি কিংৰ এক ডাঙৰ আভাস এই বিশেষ অনুষ্ঠানত প্ৰকাশ পাব পাৰে।
খবৰ অনুসৰি অহা ২ নৱেম্বৰৰ মাজনিশা ছবিখনৰ নতুন প্ৰচাৰমূলক ভিডিঅ’ মুক্তি পাব পাৰে। অৱশ্যে এইটো ছবিখনৰ সৈতে জড়িত টিজাৰ, গীত বা আন কোনো ভিডিঅ’ হ’ব নে নহয় সেয়া এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই প্ৰযোজকসকলে।
ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দে ছ’চিয়েল মিডিয়াত এটা ৰহস্যজনক পোষ্ট শ্বেয়াৰ কৰি জল্পনা-কল্পনাৰ অধিক ইন্ধন যোগাইছে। মাজনিশা এক্সত তিনিটা পৃথক বাৰ্তা পোষ্ট কৰি তেওঁ লগতে কয় যে, “বিশ্বই উদযাপনৰ সময় আহি পৰিছে।” শ্বাহৰুখৰ জন্মদিনত কিংৰ এটা টিজাৰ বা ডাঙৰ আপডেট মুক্তি পাব পাৰে বুলি অনুৰাগীসকলে জল্পনা-কল্পনা কৰি আহিছে। অৱশ্যে চৰকাৰী নিশ্চিতকৰণৰ বাবে বৰ্তমান অপেক্ষা কৰি আছে।
শ্বাহৰুখৰ জন্মদিনৰ পূৰ্বে মুম্বাইত এক উৎসৱমুখৰ পৰিবেশ স্পষ্ট হৈ পৰিছে। বান্দ্ৰা-ৱৰ্লি ছি লিংক বিশেষ পোহৰেৰে সজাই তোলা হৈছে, আনহাতে তেওঁৰ বাসগৃহ মন্নতৰ বাহিৰত প্ৰস্তুতি চলি আছে। পাঠানৰ পিছত শ্বাহৰুখ আৰু সিদ্ধাৰ্থ আনন্দই দ্বিতীয়বাৰৰ বাবে একেলগে কাম কৰি আছে কিংত। অভিষেক বচ্চনে তেওঁৰ প্ৰতিদ্বন্দ্বী চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে শ্বাহৰুখৰ কন্যা চুহানা খানেও প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত তেওঁৰ কাষত অভিনয় কৰিব। ছবিখন ২০২৬ চনৰ ২৪ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া