
ধুবুৰী, ০৮ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱা কালি বুধবাৰে বিয়লি সন্দেহজনক দুই চাইবাৰ অপৰাধীক আটক কৰা হৈছে । বেলতলীৰ পৰা আটক কৰে চাইবাৰ অপৰাধী দুটাক।
ধৃত চাইবাৰ অপৰাধী আব্দুল হাকিম আৰু তেওঁৰ ১৫ বছৰীয়া পুত্রক আটক কৰে আৰক্ষীয়ে । দুয়োৰে পৰা শতাধিক চোৰাং মোবাইল জব্দ কৰে আৰক্ষীয়ে । সম্প্ৰতি দুয়োকে বিলাসীপাৰা আৰক্ষী থানাত ৰাখি অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ