লংকাত ৫০ টা ড্ৰাগছৰ কন্টেইনাৰ সহ এজন যুৱকক আটক
লংকাত ৫০ টা ড্ৰাগছৰ কন্টেইনাৰ সহ এজন যুৱকক আটক।
লংকাত ৫০ টা ড্ৰাগছৰ কন্টেইনাৰ সহ এজন যুৱকক আটক


হোজাই, ০৮ অক্টোবৰ (হি.স.): হোজাই জিলাৰ লংকাত যোৱা কালি বুধবাৰে বিয়লি ৫০ টা ড্ৰাগছৰ কন্টেইনাৰ সহ এজন যুৱকক আটক কৰা হয় । লংকা ১ নং উৰণীয়া সেতুৰ কাষৰ পৰা আটক কৰা হৈছে ড্ৰাগচ সৰবৰাহকাৰী যুৱক জনক।

গোপন সূত্ৰৰ পম খেদি লামডিং সমজিলাৰ আৰক্ষী অধীক্ষ প্লাৱন নাথৰ নেতৃত্বত চলাইছিল এই অভিযান। অভিযানত ড্ৰাগচসহ আটক কৰা হয় সুমিত মালাকাৰ নামৰ ড্ৰাগচ সৰবৰাহকাৰীটোক । আটকাধীন ড্ৰাগচ সৰবৰাহকাৰীটোৰ ঘৰ লংকা ফৰেষ্ট বজাৰত । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটকাধীন যুৱক জনক সোধা পোছা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande