
ডিব্ৰুগড় ৭ অক্টোবৰ (হি.স.): পুনৰ ভিজিলেন্সৰ জালত পৰিছে এগৰাকী উৎকোচখোৰ চৰকাৰী বিষয়া। এইবাৰ ডিব্ৰুগড়ত দুৰ্নীতি বিৰোধী আযোগ আৰু ভিজিলেন্স শাখাই চলোৱা এক অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড় পিডব্লিউডি (Building Circle) কাৰ্যালয়ৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মৃদুল বাগলাৰী ।
ঘটনাৰ বিৱৰণী অনুসৰি, ২০২৪-২৫ বৰ্ষৰ মদাৰখাত চাহ বাগিচাৰ 'জগন্নাথ ট্ৰাষ্ট আৰু স্কিল চেণ্টাৰ'ৰ প্ৰায় ১ কোটি ৪০ লাখ ২০ হাজাৰ টকাৰ এক নিৰ্মাণ কাৰ্য চলি আছিল। এই কামটোৰ বিল মুকলি কৰি দিয়াত সহায় কৰাৰ নামত সহকাৰী কাৰ্যবাহী অভিযন্তা মৃদুল বাগলাৰীয়ে ঠিকাদাৰ ৰাজ শেখৰ হাজৰিকাৰ পৰা সম্প্ৰতি ১ লাখ ৩০ হাজাৰ টকা ঘোচ দাবী কৰি আহিছিল । ঘোচ দিবলৈ অমান্তি হৈ ঠিকাদাৰ ৰাজ শেখৰ হাজৰিকাই পাছত সমগ্ৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স কোষৰ কাষ চাপে আৰু লিখিত অভিযোগ উত্থাপন কৰে । সেই অভিযোগৰ ভিত্তিত আজি ডিব্ৰুগড়স্থিত পিডব্লিউডি বিল্ডিং চাৰ্কোল (Building Circle)ৰ কাৰ্যালয়ত ভিজিলেন্সৰ দলটোৱে এক জাল পেলায়। ঠিকাদাৰজনে অভিযন্তা মৃদুল বাগলাৰীক আগতীয়া অংশ হিচাপে ৩০ হাজাৰ টকা প্ৰদান কৰাৰ মুহূৰ্ততে ভিজিলেন্সৰ দলে তেওঁক হাতে-লোটে গ্ৰেপ্তাৰ কৰে। অভিযন্তাজনৰ হাতৰ পৰা ঘোচৰ ৩০ হাজাৰ টকাখিনিও জব্দ কৰা হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত এচিবি থানাত ৪১/২০২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। অভিযন্তা বাগলাৰীৰ বিৰুদ্ধে 'প্ৰিভেনশ্বন অৱ কৰাপশ্বন এক্ট' (Prevention of Corruption Act)ৰ ৭(ক) ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰি অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ