তামাৰহাটৰ গ্ৰাহামপুৰত চোৰাং কৈ নিয়া ১৪ টা গৰু জব্দ
তামাৰহাটৰ গ্ৰাহামপুৰত চোৰাং কৈ নিয়া ১৪ টা গৰু জব্দ ।
তামাৰহাটৰ গ্ৰাহামপুৰত চোৰাং কৈ নিয়া ১৪ টা গৰু জব্দ


কোকৰাঝাৰ, ০৭ অক্টোবৰ (হি.স.): কোকৰাঝাৰ জিলাৰ তামাৰহাটৰ গ্ৰাহামপুৰত চোৰাং কৈ নিয়া ১৪ টা গৰু জব্দ কৰা হৈছে । গ্ৰাহামপুৰ আৰক্ষী চকীৰ আৰক্ষী পুৱতি নিশা অভিযান চলাই গৰু সমূহ জব্দ কৰে ।

পশ্চিম বংগৰ পৰা চোৰাং পথেৰে গোসাঁইগাঁও নি থকা সময়ত জব্দ কৰে গৰু । অসম বংগ সীমান্তৱৰ্তী সংকোষ নদীৰ পাৰত জব্দ কৰে গৰু সমূহ ।অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি পলাই যায় চোৰাং গৰু বেপাৰী । বিটিচিৰ গৰু বজাৰ খোলাৰ পিছত এটা চক্ৰই কালি নিশা সংকোষ নদী পাৰ কৰি পশ্চিম বংগৰ গৰু সৰবৰাহ কৰি আহিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande