
নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। এছিয়ান গেমছ ২০২৬ত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ৰিকাৰ্ভ দলৰ অংশ হিচাপে থকা কীৰ্তি শৰ্মাই তেওঁৰ সফলতাৰ সন্দৰ্ভত কয় যে তেওঁ নিজৰ সমালোচকসকলক ভুল প্ৰমাণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আৰু সেইখিনি লাভ কৰিবলৈ যি কৰিব লাগিব তাকেই কৰিব।
২০২৬ চনৰ এছিয়ান গেমছত কীৰ্তি শৰ্মা, অংকিতা ভগত, কুমকুম মহোদ নামৰ ভাৰতীয় মহিলা ৰিকাৰ্ভ দলটোৱে ফাইনেলত শক্তিশালী দক্ষিণ কোৰিয়াক পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে।
হাৰিয়ানাৰ ৰিতৌলি গাঁৱৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা কীৰ্তিয়ে সৰুৰে পৰা স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল। গ্ৰাম্য আৰু ৰক্ষণশীল পৰিৱেশত ক্ৰীড়াত কেৰিয়াৰ গঢ়ি তোলাৰ বিষয়ে বহু নেতিবাচক মন্তব্যৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ পিছতো তাই হাৰ মানিবলৈ অস্বীকাৰ কৰিলে।
ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কীৰ্তিয়ে কয় যে তেওঁ সৰুৰে পৰা স্বাস্থ্যৰ অভাৱত ভুগি আছিল। ধনুৰ্বিদ্যাত সফল হোৱাৰ ক্ষমতাক লৈ সন্দেহ কৰা বহুতৰে নেতিবাচক মন্তব্য তাই সহ্য কৰিবলগীয়া হৈছিল। শাৰীৰিকভাৱে অযোগ্য হোৱাৰ বাবে প্ৰথমতে গধুৰ পাউণ্ডৰ ধনুখনো তুলিবলৈ অসুবিধা হৈছিল যদিও মোৰ সমালোচকসকলক ভুল প্ৰমাণ কৰিবলৈ যি কৰিব লাগে কৰিবলৈ মই দৃঢ়প্ৰতিজ্ঞ আছিলো।’
২০২৬ চনৰ এছিয়ান গেমছত ভাৰতীয় ত্ৰিপুৰাৰ দলটোৱে ইতিহাস ৰচনা কৰাৰ সময়ত তেওঁ এই লক্ষ্যত উপনীত হয়, ফাইনেলত ১০ বাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক ৫-৩ ব্য়ৱধানত পৰাস্ত কৰি মহিলাৰ ৰিকাৰ্ভ দলীয় স্বৰ্ণ পদক লাভ কৰে। কষ্টকৰ সময়ত সহায় সহযোগিতা আগবঢ়োৱা আৰু সফলতাৰ ভেটি স্থাপন কৰাৰ বাবে পৰিয়াল বিশেষকৈ পিতৃ বিজয় শৰ্মাক কৃতিত্ব প্ৰদান কৰে ১৯ বছৰীয়া যুৱতীগৰাকীয়ে।
কীৰ্তিয়ে কয়, মোৰ দেউতা এজন কৃষক, কিন্তু তেওঁ মোক সদায় সহায় কৰি আহিছে আৰু আৰ্থিক অভাৱৰ মাজতো মোৰ ক্ৰীড়া কেৰিয়াৰৰ সৈতে জড়িত সকলো খৰচ বহন কৰি আহিছে। লগতে কয় যে বহুতে দেউতাকক কৈছিল যে মই ছোৱালী হোৱাৰ বাবেই মোক খেলৰ পিছত লগাবলৈ নিদিব। আনকি মোৰ স্বাস্থ্যৰ অভাৱৰ বাবে মোৰ সফলতাৰ ক্ষমতাত সন্দেহ কৰিছিল যদিও দেউতাই মোক সদায় বিশ্বাস কৰি আহিছে।
হাজৰিবাগৰ এছ এ আই ট্ৰেইনিং চেণ্টাৰত প্ৰশিক্ষণ লোৱা আৰ্চাৰে কয় যে এছিয়ান গেমছৰ সফলতাৰ পথ প্ৰশস্ত কৰাৰ সকলো কৃতিত্ব ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ আৰু তেওঁৰ প্ৰশিক্ষক উদ্ধৱ সিঙক।
কীৰ্তিয়ে কয় যে, মোৰ পৰিয়াল আৰু প্ৰশিক্ষকে মোক সদায় সমৰ্থন কৰি আহিছে আৰু মোক আশ্বস্ত কৰি আহিছে যে মই আচৰিত কাম কৰিব পাৰো। মোৰ প্ৰশিক্ষক উদ্ধৱ সিঙক তালৈ বদলি হোৱাৰ বাবেই মই এছ এ আই হাজৰিবাগত ট্ৰায়েল লৈছিলো। প্ৰথম বছৰবোৰত মই উদ্ধৱ ছাৰে আৰম্ভ কৰা একাডেমীত প্ৰশিক্ষণ লৈছিলো।
তেওঁ কয়, মই চাৰি বছৰ পূৰ্বে এছ এ আই হাজৰিবাগত যোগদান কৰিছিলো। তাৰ পিছৰ পৰা মোৰ কেৰিয়াৰৰ প্ৰচণ্ড উন্নতি হৈছে। মই যিমানখিনি অৰ্জন কৰিছো সেয়া ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ আৰু মোৰ প্ৰশিক্ষকৰ ওচৰত ঋণী।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ