
নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। ইণ্ডিয়ান ছুপাৰ লীগ ২০২৬-২৭ ছিজনৰ পূর্বে ফুটবল ক্লাব কেৰালা ব্লাষ্টাৰছে অভিজ্ঞ ভাৰতীয় গ’লৰক্ষক অমৰিন্দৰ সিং আৰু মিডফিল্ডাৰ মহম্মদ ইয়াছিৰক চুক্তিবদ্ধ কৰিছে ৷
দুয়োগৰাকী খেলুৱৈয়ে আগন্তুক ছিজনৰ বাবে চেন্নাইৰ প্ৰস্তুতি শিবিৰত যোগদান কৰি নতুন সতীৰ্থৰ সৈতে অনুশীলন আৰম্ভ কৰিছে । ক্লাবটোৰ মতে, ২০২৬-২৭ ছিজনৰ শেষলৈকে দুয়োজনেই দলৰ সৈতে থাকিব ।
ওড়িশা এফ চিৰ পৰা কেৰালা ব্লাষ্টাৰছত যোগদান কৰে অমৰিন্দৰ সিঙে। ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) আৰু ইণ্ডিয়ান ফুটবলৰ বিস্তৃত অভিজ্ঞতা তেওঁৰ লগত লৈ আহিছে । ৩৩ বছৰীয়া গ’লৰক্ষকগৰাকীয়ে মুম্বাই চিটি এফ চি, বেংগালুৰু এফ চি, মোহন বাগান, ওড়িশা এফ চিৰ দৰে ক্লাবক প্ৰতিনিধিত্ব কৰিছে । ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ হৈও তেওঁ খেলিছে । ইফালে ইয়াছিৰে এফ চি গোৱাৰ আৰু ইয়াৰ পূৰ্বে পুনে চিটি, হায়দৰাবাদ এফ চি আৰু ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছিল ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ