'ঔম: চেপ্টাৰ ১'ত সাই পল্লৱৰ প্ৰৱেশ, পোষ্টাৰ মুকলি
মুম্বাই, ২৭ অক্টোবৰ (হি.স.)। ধনুশ আৰু মেমুট্টি অভিনীত ঔম: চেপ্টাৰ ১ক লৈ দৰ্শকৰ উৎসাহ বাঢ়িছে । ইফালে, ছবিখনৰ সাই পল্লৱীৰ চৰিত্ৰ আই পি এছ নিথ্যা ৰেড্ডীক লৈ এক নতুন টিজাৰ মুকলি কৰিছে মেকাৰে। শক্তিশালী খাকী ইউনিফৰ্মত দেখা গৈছে অভিনেত্ৰীগৰাকীক। একচন
साई पल्लवी - फोटो सोर्स एक्स


মুম্বাই, ২৭ অক্টোবৰ (হি.স.)। ধনুশ আৰু মেমুট্টি অভিনীত ঔম: চেপ্টাৰ ১ক লৈ দৰ্শকৰ উৎসাহ বাঢ়িছে । ইফালে, ছবিখনৰ সাই পল্লৱীৰ চৰিত্ৰ আই পি এছ নিথ্যা ৰেড্ডীক লৈ এক নতুন টিজাৰ মুকলি কৰিছে মেকাৰে।

শক্তিশালী খাকী ইউনিফৰ্মত দেখা গৈছে অভিনেত্ৰীগৰাকীক। একচন-থ্ৰিলাৰ ছবিখনত তেওঁৰ ভূমিকাই কাহিনীটোক কেনে দিশলৈ লৈ যাব সেয়া এতিয়াও প্ৰকাশ কৰা হোৱা নাই। অনায়াসে আচৰণ আৰু আকৰ্ষণীয় অভিনয়ৰ বাবে পৰিচিত ছাই পল্লৱীয়ে এই ছবিখনত প্ৰথমবাৰৰ বাবে এজন আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব।

আই পি এছ নিথ্যা ৰেড্ডীৰ ৰূপত তেওঁৰ লুক পূৰ্বৰ চৰিত্ৰতকৈ পৃথক। টিজাৰটোত তেওঁৰ ব্যক্তিত্বৰ আভাস পোৱা গৈছে যদিও কাহিনীটোত তেওঁৰ ভূমিকা আৰু আন চৰিত্ৰৰ সৈতে তেওঁৰ সম্পৰ্ক এতিয়াও ৰহস্যৰ আৱৰ্তত। এই নতুন অৱতাৰে ছবিখনৰ প্ৰতি দৰ্শকৰ আগ্ৰহ জগাই তুলিছে।

আৰ্টেক ষ্টুডিঅ’ৰ প্ৰযোজক শ্ৰদ্ধা আগৰৱালে ছাই পল্লৱীক ছবিখনৰ এটা মূল অংশ বুলি অভিহিত কৰি কয় যে তেওঁৰ অভিনয়ত সততা আৰু স্বতঃস্ফূৰ্ততা প্ৰকাশ পায়। অভিনেত্ৰীগৰাকীয়ে চৰিত্ৰটোৰ সৈতে সম্পূৰ্ণ ন্যায় কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে। ৰাজকুমাৰ পেৰিয়াছামীৰ পৰিচালনাত নিৰ্মিত ঔম: চেপ্টাৰ ১ত অভিনয় কৰিছে ধনুশ, মামুটী আৰু ছাই পল্লৱীৰ লগতে শ্ৰীলীলা আৰু নাছিৰুদ্দিন শ্বাহ। আৰ্টেক ষ্টুডিঅ’ আৰু ৱাণ্ডাৰবাৰ ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিখন ২০২৬ চনৰ ২০ নৱেম্বৰত বিশ্বজুৰি মুক্তি পাব।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande