আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ৰাৱণ দাহন কাৰ্যসূচী
কামৰূপ, ২১ অক্টোবৰ (হি.স.)। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ৰাৱণ দাহন কাৰ্যসূচী । সমাজৰ অশুভ শক্তিৰ বিনাশ কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিকি হিচাপে অনুষ্ঠিত কৰা হয় ৰাৱণ দাহন কাৰ্যসূচী । বিজয়া দশমীৰ সমান্তৰালকৈ ৰাবণ দাহনৰ বাবে স
আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ৰাৱণ দাহন কাৰ্যসূচী


কামৰূপ, ২১ অক্টোবৰ (হি.স.)। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ৰাৱণ দাহন কাৰ্যসূচী ।

সমাজৰ অশুভ শক্তিৰ বিনাশ কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিকি হিচাপে অনুষ্ঠিত কৰা হয় ৰাৱণ দাহন কাৰ্যসূচী ।

বিজয়া দশমীৰ সমান্তৰালকৈ ৰাবণ দাহনৰ বাবে সাজু হৈছে ৰাজ্যবাসী । উত্তৰ গুৱাহাটী মধ্যমখণ্ডত সাজু কৰা হৈছে ৮০ ফুট উচ্চতাৰ এটা বিশালকায় ৰাবণ ।

বনমালী ভৰালী নামেৰে এজন উদীয়মান শিল্পীয়ে প্ৰস্তুত কৰিছে এই ৰাবণটো । উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ পাৰত ৰূপায়ণ কৰা হ'ব ৰাবণ দাহন ।

নিশা ৯ বজাত সম্পন্ন হ'ব ৰাবণ দাহনৰ কাৰ্যসূচী ।

এই ৰাবণ দাহনত ৩০ হাজাৰতকৈয়ো অধিক লোকৰ সমাগম আশা কৰিছে আয়োজক সমিতিয়ে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande