কাহিলীপাৰাত অসম আৰক্ষীৰ স্মৃতি দিৱস অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ
–কৰ্তব্যৰত অৱস্থাত প্রাণ আহুতি দিয়া আৰক্ষীৰ বিষয়া-জোৱানলৈ গভীৰ শ্রদ্ধা জ্ঞাপন মুখ্যমন্ত্ৰীৰ গুৱাহাটী, ২১ অক্টোবৰ (হি.স.)। মুখ্যমন্ত্রী ড'' হিমন্তবিশ্ব শর্মাই আজি গুৱাহাটীৰ কাহিলীপাৰাস্থিত দশম আৰক্ষী বাহিনীৰ চৌহদত আয়োজিত অসম আৰক্ষীৰ স্মৃতি দিৱস অনু
কৰ্তব্যৰত অৱস্থাত প্রাণ আহুতি দিয়া আৰক্ষীৰ বিষয়া-জোৱানলৈ গভীৰ শ্রদ্ধা জ্ঞাপন মুখ্যমন্ত্ৰীৰ


–কৰ্তব্যৰত অৱস্থাত প্রাণ আহুতি দিয়া আৰক্ষীৰ বিষয়া-জোৱানলৈ গভীৰ শ্রদ্ধা জ্ঞাপন মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২১ অক্টোবৰ (হি.স.)। মুখ্যমন্ত্রী ড' হিমন্তবিশ্ব শর্মাই আজি গুৱাহাটীৰ কাহিলীপাৰাস্থিত দশম আৰক্ষী বাহিনীৰ চৌহদত আয়োজিত অসম আৰক্ষীৰ স্মৃতি দিৱস অনুষ্ঠানত অংশগ্রহণ কৰে। উল্লেখ্য যে, দেশৰ সুৰক্ষা, জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষা তথা আইন শৃংখলা বজাই বখাৰ দায়িত্ব পালন কৰি প্ৰাণ আহুতিদিয়া আৰক্ষীৰ বীৰ জোৱানসকলক শ্রদ্ধাৰে স্মৰণ কৰাৰ উদ্দেশ্যে প্রতিবছৰৰ ২১ অক্টোবৰত সমগ্র দেশতে আৰক্ষী স্মৃতি দিবস পালন কৰা হয়।

আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রী ড°শর্মাই কর্তব্য সম্পাদন কৰি থকা সময়তবিগত সময়ছোৱাত দেশৰ বাবে প্রাণ আহুতি দিয়াআৰক্ষীৰ বিষয়া তথা জোৱানসকলক শ্রদ্ধাৰে স্মৰণ কৰে। এই উপলক্ষে তেওঁ কয় যে বিগত বৰ্ষৰ পহিলা ছেপ্টেম্বৰৰ পৰা চলিত বৰ্ষৰ ৩১ আগষ্ট পর্যন্ত সমগ্র দেশতে ১৫৪ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে কর্তব্য সম্পাদন কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰিছে। এই সময়ছোৱাত অসম আৰক্ষীয়েও ছয়গৰাকী সতীৰ্থক হেৰুৱাইছে। মুখ্যমন্ত্রী ড° শর্মাই দায়িত্ব পালন কৰি থকা অৱস্থাত এই সময়ছোৱাত প্রাণ আহুতি দিয়া অসম আৰক্ষীৰ প্রয়াত উপ-পৰিদর্শক দুলু মণি মেধি, প্রয়াত উপ-পৰিদৰ্শক সত্যেন্দ্র মালাকাব, প্রয়াত উপ-পৰিদর্শক নৱজিৎ দাস, প্রয়াত হাবিলদাৰ জিতেন চন্দ্ৰ বৰা, প্রয়াত লেন্স নায়ক সেৱক দত্ত আৰু প্রয়াত লেন্স নায়ক অমিয়া সোণোৱালৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰে।

তেওঁ উল্লেখ কৰে যে দেশৰ স্বাধীনতাৰ পিছৰে পৰা অসম আৰক্ষীয়ে এতিয়ালৈকে ৯০০ গৰাকীতকৈও অধিক বিষয়া তথা জোৱান কৰ্তব্যৰত অৱস্থাত থকা সময়ত হেৰুৱাইছে। মুখ্যমন্ত্রীয়ে লগতে কয় যে আজিৰ দিনটো অসম আৰক্ষীৰ লগতে সমগ্ৰ দেশৰ আৰক্ষীৰ বাবে দেশৰ হকে প্রাণ আহুতি দিয়াবীৰ বিষয়া-জোৱানসকললৈ শ্রদ্ধা নিবেদনকৰা এটা গাম্ভীর্যপূর্ণদিন। মুখ্যমন্ত্রীয়ে লগতে কর্তব্য সম্পাদনৰ সময়ত প্রাণ আহুতি দিয়া অসম আৰক্ষীৰ বীৰবিষয়া তথা জোৱানসকলৰ পৰিয়ালবৰ্গলৈ পুনৰ এবাৰ সমবেদনা জ্ঞাপন কৰে।

আজিৰ এই অনুষ্ঠানত ৰাজ্যৰ ভাৰপ্ৰাপ্ত মুখ্য সচিব অজয় তিৱাৰী, অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমীত সিঙকে ধৰি কেইবাগৰাকীও শীর্ষবিষয়া উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande