
পশ্চিম কাৰ্বি আংলং, ২১ অক্টোবৰ (হি.স.)। পশ্চিম কাৰ্বি আংলংঙৰ আমৰি পৰিষদীয় সমষ্টি
বৰ্মাৰজংঙত তিৱা জনগোষ্ঠীৰ সজাগতা সভা অনুষ্ঠিত।
এই তিৱা পিনুং জনসভাত সভাত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম ড° তুলিৰাম ৰংহাং তথা বিধায়ক সকল৷
উক্ত তিৱা পিনুং সভাত তিৱা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি;ধৰ্মীয় পৰম্পৰা অদুৰ ভৱিষ্যতে সংৰক্ষিত কৰাৰ উদ্দেশ্যেৰে যুৱ-প্ৰজন্মক সজাগ কৰাৰ প্ৰচেষ্টা কৰা হয়। তিৱা সমাজৰ একাংশ বিশিষ্ট ব্যক্তি সকল;বুদ্ধিজীৱি সকলৰ প্ৰচেষ্টাত সভাখন অনুষ্টিত হয়৷ তদুপৰি বিভিন্ন তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক গীত নৃত্যও প্ৰদৰ্শন কৰা হয়৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু