
গুৱাহাটী, ২১ অক্টোবৰ (হি.স.)। নতুন দিল্লীৰ ৱাজিৰাবাদ হ্ৰদত অনুষ্ঠিত ত্ৰয়োদশ ৰাষ্ট্ৰীয় আৰু চতুৰ্থ পেৰা ড্ৰেগন ব’ট চেম্পিয়নশ্বিপ ২০২৬-ত ৰূপ আৰু ব্ৰঞ্জৰ পদকসহ মুঠ ৫৬টা পদক অৰ্জন কৰিছে অসমে। অনূৰ্ধ্ব-২৪ শাখাত ৰাজ্যখনৰ মহিলা আৰু মিশ্ৰ দলে (পুৰুষ-মহিলা) বিভিন্ন দূৰত্বৰ প্ৰতিযোগিতাত এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।
আজি বুধবাৰে দলটোৰ এগৰাকী মেনেজাৰে এই কথা প্ৰকাশ কৰি জনোৱা মতে, যোৱা ১৮ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমৰ শিৱসাগৰ জিলাৰ ১৫ গৰাকী, মাজুলীৰ ২ গৰাকী আৰু কামৰূপৰ ১১ গৰাকী খেলুৱৈকে ধৰি মুঠ ৩১ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত এক মাজুলীৰ দুগৰাকী প্ৰতিযোগী ক্ৰমে মণিমালা পাগাগ আৰু ৰিচামণি কামানে ৰূপৰ পদক লাভ কৰে।
তেওঁ জনোৱা মতে, প্ৰতিযোগিতাৰ প্ৰথম দিনাই পদক জয়ৰ সূচনা কৰে অসমে। ১,০০০ মিটাৰ মিশ্ৰ শাখাত ৰাজ্যৰ অনূৰ্ধ্ব-২৪ দলে ব্ৰঞ্জৰ পদক লাভ কৰে। এই দলটোত পুৰুষ আৰু মহিলা উভয় শাখাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাখনত দলটোৱে প্ৰথম তিনিটা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়।
প্ৰতিযোগিতাৰ দ্বিতীয় দিনা ৫০০ মিটাৰ শাখাত অসমৰ অনূৰ্ধ্ব-২৪ মহিলা দলে ৰূপৰ পদক অৰ্জন কৰে। ইয়াৰ ফলত পদক তালিকাত ৰাজ্যখনৰ অৱস্থান অধিক শক্তিশালী হয়।
চেম্পিয়নশ্বিপৰ অন্তিম দিনা অসমৰ খেলুৱৈসকলে আৰু দুটা ৰূপৰ পদক লাভ কৰে। অনূৰ্ধ্ব-২৪ মহিলা দলে ২০০ মিটাৰ শাখাত দ্বিতীয় স্থান অধিকাৰ কৰে। একেদৰে, একে দূৰত্বৰ মিশ্ৰ শাখাতো অসমৰ অনূৰ্ধ্ব-২৪ দলে ৰূপৰ পদক অৰ্জন কৰে।
সামগ্ৰিকভাৱে পদক জয়ৰ সাফল্যৰে এই প্ৰতিযোগিতাত অসমৰ খেলুৱৈসকলে বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰে। ২০০, ৫০০ আৰু ১,০০০ মিটাৰ - এই তিনিওটা দূৰত্বৰ প্ৰতিযোগিতাত অনূৰ্ধ্ব-২৪ শাখাত ৰাজ্যৰ খেলুৱৈসকলে নিজৰ দক্ষতাৰ পৰিচয় দিয়ে।
ইয়াত উল্লেখ কৰিব পাৰি যে ৫০০ মিটাৰ অনূৰ্ধ্ব-২৪ মহিলা শাখাত ৰূপৰ পদক লাভ কৰা খেলুৱৈসকল হৈছে ক্ৰমে মণিমালা পাগাগ, বুদ্ধদেৱ ৰাভা, সীমামণি ৰাভা, তাৰালি ৰাভা, জনমণি মিলি, অস্মিতা ৰাভা, দিবিশা ৰাভা, পদ্মশ্বৰী ইয়েন, দেবীলতা মিলি, মৰমজ্যোতি দলে, নীতামণি মিলি, তাৰা পাংগিং, কাবেৰী ইয়েন আৰু ৰিচামণি কামান।
১,০০০ মিটাৰ অনূৰ্ধ্ব-২৪ মিশ্ৰ দলৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈসকল হৈছে বুদ্ধদেৱ ৰাভা, ধনীৰাম মিলি, হণ্ডিকই গাম, হীৰকজ্যোতি ৰাভা, কৃষ্ণৰাম পাংগিং, হাফিজুল ইছলাম, জিয়াদ আলি, হণ্ডিকই পাংগিং, সীমামণি ৰাভা, তাৰালি ৰাভা, জনমণি মিলি, তাৰা পাংগিং, দেবীলতা মিলি আৰু ৰিচামণি কামান।
২০০ মিটাৰ অনূৰ্ধ্ব-২৪ মহিলা শাখাত ৰূপৰ পদক জয় কৰা খেলুৱৈসকল হৈছে বুদ্ধদেৱ ৰাভা, জনমণি মিলি, সীমামণি ৰাভা, তাৰালি ৰাভা, সামিকা ৰাভা, অস্মিতা ৰাভা, দিবিশা ৰাভা, পদ্মশ্বৰী ইয়েন, দেবীলতা মিলি, মৰমজ্যোতি দলে, কাবেৰী ইয়েন, তাৰা পাংগিং, নীতামণি মিলি আৰু মণিমালা পাগাগ।
২০০ মিটাৰ অনূৰ্ধ্ব-২৪ মিশ্ৰ দলৰ ৰূপৰ পদক বিজয়ী খেলুৱৈসকল হৈছে ক্ৰমে বুদ্ধদেৱ ৰাভা, হণ্ডিকই গাম, ধনীৰাম মিলি, হীৰকজ্যোতি ৰাভা, মানস্ৱৰ মিলি, নয়নজ্যোতি পাংগিং, সচিন মিলি, তাৰালি ৰাভা, সীমামণি ৰাভা, তাৰা পাংগিং, জনমণি মিলি, সামিকা ৰাভা, দেবীলতা মিলি আৰু কাবেৰী ইয়েন। প্ৰতিযোগিতাখনত সামগ্ৰিকভাৱে অসমৰ দলে ৪২টা ৰূপৰ পদক আৰু ১৪টা ব্ৰঞ্জৰ পদকসহ মুঠ ৫৬টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। দলটোৰ মেনেজাৰ হিচাপে দায়িত্ব পালন কৰে ৰমেশ পাংগিং, ৰূপেন ৰাভা আৰু ছাহিদুল ইছলামে।
উল্লেখযোগ্য যে এই চেম্পিয়নশ্বিপত দেশৰ বিভিন্ন ৰাজ্যৰ দলে ড্ৰেগন ব’ট ৰেচিঙৰ একাধিক শাখাত অংশগ্ৰহণ কৰে। তিনিদিনীয়া প্ৰতিযোগিতাখনত ধাৰাবাহিক সাফল্যৰে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ পদকৰ সংখ্যা বৃদ্ধিত ৰাজ্যৰ অনূৰ্ধ্ব-২৪ দলৰ খেলুৱৈসকলে উল্লেখযোগ্য অৱদান আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী