শিৱসাগৰত দিখৌনদীৰ থানাঘাটত দেৱীৰ প্ৰতিমা বিসৰ্জন
শিৱসাগৰ, ২১ অক্টোবৰ (হি.স.)। শিৱসাগৰত দিখৌনদীৰ থানাঘাটত দেৱীৰ প্ৰতিমা বিসৰ্জন। ইতিমধ্যে জিলা প্ৰশাসনে সম্পূৰ্ণ কৰি দিছে দেৱী বিসৰ্জনৰ বাবে যাৱতীয় ব্যৱস্থা । বিসৰ্জনৰ স্থানত মোটায়েন কৰা হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লগতে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ
শিৱসাগৰত দিখৌনদীৰ থানাঘাটত দেৱীৰ প্ৰতিমা বিসৰ্জন


শিৱসাগৰ, ২১ অক্টোবৰ (হি.স.)। শিৱসাগৰত দিখৌনদীৰ থানাঘাটত দেৱীৰ প্ৰতিমা বিসৰ্জন। ইতিমধ্যে জিলা প্ৰশাসনে সম্পূৰ্ণ কৰি দিছে দেৱী বিসৰ্জনৰ বাবে যাৱতীয় ব্যৱস্থা ।

বিসৰ্জনৰ স্থানত মোটায়েন কৰা হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লগতে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ লোক ।

তদুপৰি স্বাস্থ্য বিভাগৰ অস্থায়ী শিবিৰৰ লগতে নদীত সাজু কৰি ৰাখিছে এছ ডি আৰ এফ বাহিনী ।

ইতিমধ্যে নগৰ খনত অনুষ্ঠিত পূজা সমুহৰ প্ৰতিমা এগৰাকী এগৰাকী কৈ অনা হৈছে থানাঘাটত বিসৰ্জনৰ বাবে ।

পূৰ্বৰ পৰা চলি অহা নিয়ম অনুসৰি শিৱসাগৰত প্ৰথম বিসৰ্জন দিয়া হয় দেৱীদৌলৰ দূৰ্গাৰ প্ৰতিমা তাৰ পাছতহে বাকী পূজা সমুহৰ প্ৰতিমা বিসৰ্জন দিয়া হয়। আগৰ পৰা চলি অহা এই নিয়ম অনুসৰি শিৱসাগৰৰ দিখৌনদীৰ থানা ঘাটত দেৱীদৌলৰ দূৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ কাম সমাপন কৰা হয় সফল ভাবে ।

ইয়াৰ পাছতেই বাকী প্ৰতিমা এগৰাকী এগৰাকী কৈ বিসৰ্জনৰ বাবে আনিছে উদযাপন সমিতিয়ে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande