
গোলাঘাট, ২১ অক্টোবৰ (হি.স.)। আজি বিজয়া দশমী।
বিজয়া দশমীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি মাঁ দূৰ্গাৰ প্ৰতিমা সমূহ বিসৰ্জন দিবলৈ আৰম্ভ কৰিছে। ইফালে বিজয়া দশমীৰ লগত সংগতি ৰাখিয়ে ৰাজ্যৰ বহুস্থানত ৰাৱণ দহনৰ কাৰ্য্যসূচীও ৰখা হৈছে। গোলাঘাটৰ দেৰগাওঁতো অনুষ্ঠিত কৰা হৈছে ৰাৱন দাহনৰ কাৰ্য্যসূচী।
দেৰগাঁৱৰ কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱত ৰাৱন দাহনৰ ব্যাপক আয়োজন কৰা হৈছে। সাজু কৰা হৈছে ৫০ ফুট উচ্চতাৰ ৰাৱনৰ প্ৰতিমূৰ্তি
সন্ধিয়া ৬ বজাত অনুষ্ঠিত হব দাহন কাৰ্যসূচী।
ৰাইজৰ বিপুল সঁহাৰিত অনুষ্ঠিত হব এই কাৰ্য্যসূচী।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু