আজি বিজয়া দশমী, দৰং আৰু ওদালগুৰি সিমান্তৱৰ্তী নোৱা নৈৰ ঘাটত পৰম্পৰাগত ৰীতি-নীতিৰে দেৱীৰ প্ৰতিমা বিসৰ্জন
ওদালগুৰি, ২১ অক্টোবৰ (হি.স.)। আজি বিজয়া দশমী। ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে আজি বিষন্ন মনেৰে দেৱী দূৰ্গাৰ প্ৰতিমা সমূহ বিসৰ্জন দিবলৈে বিভিন্ন পূজা কমিটিসমূহে লৈ গৈছে। দৰং আৰু ওদালগুৰি সিমান্তৱৰ্তী নোৱা নৈৰ ঘাটতো পৰম্পৰাগত ৰীতি-নীতিৰে ষষ্ঠীৰ বেদীত প্ৰ
আজি বিজয়া দশমী, দৰং আৰু ওদালগুৰি সিমান্তৱৰ্তী নোৱা নৈৰ ঘাটত পৰম্পৰাগত ৰীতি-নীতিৰে দেৱীৰ প্ৰতিমা বিসৰ্জন


ওদালগুৰি, ২১ অক্টোবৰ (হি.স.)। আজি বিজয়া দশমী। ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে আজি বিষন্ন মনেৰে দেৱী দূৰ্গাৰ প্ৰতিমা সমূহ বিসৰ্জন দিবলৈে বিভিন্ন পূজা কমিটিসমূহে লৈ গৈছে।

দৰং আৰু ওদালগুৰি সিমান্তৱৰ্তী নোৱা নৈৰ ঘাটতো পৰম্পৰাগত ৰীতি-নীতিৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাক আজি অশ্ৰুসিক্ত নয়নেৰে বিসৰ্জন দিবলৈ আহিছে হাজাৰ হাজাৰ লোক । ভিন্ন প্ৰান্তৰ পৰা আহি এই ঘাটত ভিৰ কৰিছেহি ভক্তসকলে। নাচ গান কৰি সেন্দুৰ সানি, ঢাক ধোল বজাই, পথৰ দুয়োকাষৰ লোকলৈ চাউল ছটিয়াই বিভিন্ন পৰম্পৰাগত পদ্ধতিৰে সকলোৱে আজি মাঁ দূৰ্গাৰ প্ৰতিমা সমূহ এনেদৰে বিসৰ্জন দিবলৈ আহিছে। সম্পূৰ্ণ শৃংখলা অটুট ৰাখি সকলোকে বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন কৰা দেখা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande