বিজয়া দশমীৰ দিনটোত চিৰাঙৰ বিজনীৰ দুতুৰীত এটা মৃতদেহ উদ্ধাৰ
চিৰাং, ২১ অক্টোবৰ (হি.স.)। বিজয়া দশমীৰ দিনটোত চিৰাঙৰ বিজনীৰ দুতুৰীত এটা মৃতদেহ উদ্ধাৰ। দুতুৰীৰ দুলানী নৈৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰিয়েই
বিজয়া দশমীৰ দিনটোত চিৰাঙৰ বিজনীৰ দুতুৰীত এটা মৃতদেহ উদ্ধাৰ


চিৰাং, ২১ অক্টোবৰ (হি.স.)। বিজয়া দশমীৰ দিনটোত চিৰাঙৰ বিজনীৰ দুতুৰীত এটা মৃতদেহ উদ্ধাৰ। দুতুৰীৰ দুলানী নৈৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

মৃতদেহটো বিজনীৰ ২ নং ভেটাগাঁওৰ হৰিজনবস্তী বাসুৱা ৰবিদাস (৩৫)ৰ বুলি চিনাক্ত কৰা হৈছে।

ইফালে লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande