পুনৰ জলজলীত দুস্প্ৰাপ্য শিহুৰ মৃতদেহ উদ্ধাৰ
মংগলদৈ, ১৯ অক্টোবৰ (হি.স.)। পুনৰ জলজলীত দুস্প্ৰাপ্য শিহুৰ মৃতদেহ উদ্ধাৰ।পানীত উপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে শিহুটি।উল্লেখ্য যে, এবছৰমান পূৰ্বেও নগৰবেৰাৰ ৰঙ্গেশ্বৰীত জলজলী নৈত মৃত্যু হৈছিল আন এটি শিহুৰ। দুষ্ট চক্ৰই বৈদ্যুতিক শ্বৰ্ট দি মাছ ধৰ
পুনৰ জলজলীত দুস্প্ৰাপ্য শিহুৰ মৃতদেহ উদ্ধাৰ


মংগলদৈ, ১৯ অক্টোবৰ (হি.স.)। পুনৰ জলজলীত দুস্প্ৰাপ্য শিহুৰ মৃতদেহ উদ্ধাৰ।পানীত উপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে শিহুটি।উল্লেখ্য যে, এবছৰমান পূৰ্বেও নগৰবেৰাৰ ৰঙ্গেশ্বৰীত জলজলী নৈত মৃত্যু হৈছিল আন এটি শিহুৰ।

দুষ্ট চক্ৰই বৈদ্যুতিক শ্বৰ্ট দি মাছ ধৰাৰ ফলতেই শিহুটিৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।যুগ যুগ ধৰি জলজলী নৈত শিহুৰ অৱস্থান আছে বুলি ৰাইজে জানিবলৈ দিয়ে।ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে জলজলী নৈত শিহুৰ সংৰক্ষণৰ ব্যৱস্থাৰ দাবী তুলিছে ৰাইজে।।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande