
বজালী, ১৯ অক্টোবৰ (হি.স.)। বজালী জিলাৰ হৰিপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ।
স্কুটী আৰোহী এগৰাকীক মহতিয়াই নিয়ে অচিনাক্ত বাহনে । ফলত স্কুটী আৰোহী লোক জনৰ থিতাতে মৃত্যু হৈছে।
দেওবাৰে গভীৰ নিশা হৰিপুৰত এখন তীব্ৰবেগী অচিনাক্ত বাহনে তেওঁৰ স্কুটীখনক মহিতিয়াই নিয়ে। ইফালে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে বাহনখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । এই মৰ্মান্তিক দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা