
ধুবুৰী, ১৯ অক্টোবৰ (হি.স.)। চাপৰৰ শালকোচা ছুৱাপাতা ১ম খণ্ডত শোকাৱহ ঘটনা। পানীত পৰি সলিল সমাধি ৮ বছৰীয়া কনমানি ছুমাইয়া পাৰবীনৰ। শিশুগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ।
জানিব পৰা অনুসৰি ধুবুৰী জিলাৰ চাপৰ অঞ্চলৰ ছুৱাপাতা ১ম খণ্ড গাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পানীত পৰি অকাল মৃত্যুক সাৱটি লয় এগৰাকী ৮ বছৰীয়া কনমানি শিশুৱে।
মৃত শিশুগৰাকীৰ নাম ছুমাইয়া পাৰবীন বুলি জানিব পৰা গৈছে। এগৰাকী কনমানি শিশুৰ এনে অকাল মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
হাঁহি-ধেমালিৰে মুখৰিত হৈ থাকিবলগীয়া শিশুগৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। জানিব পৰা মতে মৃত্যু ছুমাইয়া পাৰবীনৰ পৰিয়ালে পূৰ্বে চৰুৱা বাখৰা গাওঁৰ বাসিন্দা আছিল। চৰকাৰে অঞ্চলটোত উচ্ছেদ কৰাৰ পিছত বৰ্তমান ছুৱাপাতা ১ম খন্ড গাওঁত অস্থায়ী ভাৱে বসতি কৰি আছে বুলি জানিব পৰা গৈছে।
কিন্তু কেনেদৰে এই শোকাৱহ ঘটনা সংঘটিত হ’ল, শিশুগৰাকী কেনেকৈ পানীত পৰিল আৰু ঘটনাৰ সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই সন্দৰ্ভত সবিশেষ তথ্য এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা স্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
আৰু মৃত্যু দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ লৈ প্ৰেৰণ কৰে। এই ঘটনাই অঞ্চলটোৰ ৰাইজক মৰ্মাহত কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু