মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ কুৰালভাঙা ৰামকৃষ্ণ মিছন আশ্ৰমত কুমাৰী পূজা
মানকাচৰ, ১৯ অক্টোবৰ (হি.স.)। মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ কুৰালভাঙা ৰামকৃষ্ণ মিছন আশ্ৰমত এইবেলি এক বিশেষ ধৰ্মীয় পৰম্পৰাৰ সূচনা কৰি আৰম্ভ কৰে কুমাৰী পূজা । প্ৰতি বছৰৰ দৰে এইবেলিও মিছন আশ্ৰমত উলহ-মালহেৰে অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গা পূজা। কিন্তু এ
মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ কুৰালভাঙা ৰামকৃষ্ণ মিছন আশ্ৰমত কুমাৰী পূজা


মানকাচৰ, ১৯ অক্টোবৰ (হি.স.)। মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ কুৰালভাঙা ৰামকৃষ্ণ মিছন আশ্ৰমত এইবেলি এক বিশেষ ধৰ্মীয় পৰম্পৰাৰ সূচনা কৰি আৰম্ভ কৰে কুমাৰী পূজা ।

প্ৰতি বছৰৰ দৰে এইবেলিও মিছন আশ্ৰমত উলহ-মালহেৰে অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গা পূজা। কিন্তু এইবাৰৰ দুৰ্গোৎসৱত সংযোজন ঘটিছে এক নতুন অধ্যায়ৰ। কিয়নো, প্ৰথমবাৰৰ বাবে কুৰালভাঙা ৰামকৃষ্ণ মিছনত অনুষ্ঠিত কৰা হৈছে কুমাৰী পূজা।

মহাষ্টমীৰ পৱিত্ৰ ক্ষণত বৈদিক মন্ত্ৰোচ্চাৰণ, আয়তীৰ উৰুলি আৰু দবা-শংখৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ মিছন চৌহদ।

দুৰ্গতিনাশিনী মা দুৰ্গাৰ আৰাধনাৰে ভক্তিময় হৈ পৰিছে মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ কুৰালভাঙা ৰামকৃষ্ণ মিছন আশ্ৰম।

প্ৰতি বছৰৰ দৰে এইবেলিও পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গা পূজা। আজি পুৱাৰ ভাগত অনুষ্ঠিত হয় মহাষ্টমীৰ পূজা-অৰ্চনা। তাৰ প

মহাষ্টমীৰ পূজা সম্পন্ন হোৱাৰ পিছতে আশ্ৰমখনত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় কুমাৰী পূজা।

হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি, কুমাৰী কন্যাৰ মাজত দেৱী শক্তিৰ প্ৰতীকী ৰূপ কল্পনা কৰি এই পূজা-অৰ্চনা কৰা হয়।

পুৰোহিতৰ বৈদিক মন্ত্ৰোচ্চাৰণ, আয়তীৰ উৰুলি আৰু দবা-শংখৰ মাংগলিক ধ্বনিৰ মাজেৰে সম্পন্ন হয় কুমাৰী পূজাৰ ধৰ্মীয় কাৰ্যসূচী।

কুৰালভাঙা ৰামকৃষ্ণ মিছন আশ্ৰমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই কুমাৰী পূজাই এইবাৰৰ দুৰ্গোৎসৱত বিশেষ তাৎপৰ্য বহন কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande