
শোণিতপুৰ, ১৭ অক্টোবৰ (হি.স.)। পূজাৰ বতৰত জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। জামুগুৰিহাটৰ পুৰণা পেট্ৰল ডিপোৰ সন্মুখত সংঘটিত হৈছে উক্ত দুৰ্ঘটনা। তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে তীব্ৰ বেগত যোৱা বাজাজ ডমিনৰ বাইক নিয়ন্ত্ৰণহীন হৈ খুন্দা মাৰে ডিভাইডাৰৰ খুঁটাত।
দুই বাইক আৰোহী অৱস্থা সংকজনক।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সংকট জনক অৱস্থাত দুই যুৱকক প্ৰেৰণ কৰে হস্পিতাললৈ । দুই যুৱকৰ ঘৰ চতিয়াত বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাগ্ৰস্থ দুই যুৱকে বাইক খন চলাওতে সুৰা পান কৰি আছিল নেকি যানবাহন আৰক্ষী
সেইটো পৰীক্ষা কৰি আছে।
চিকিৎসালয় কতৃপক্ষই আহত যুৱক দুজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰাৰ বাবে অভিভাৱকক নিৰ্দেশ জাৰি কৰিছে।এম্বুলেঞ্চৰ জৰিয়তে আহত যুৱক দুজনক লৈ ইতিমধ্য়ে গুৱাহাটী অভিমুখে ৰাওনা হৈছে।ে
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু