ৰূপহীহাটৰ লাওখোৱাত ধৰ্ষণৰ অপচেষ্টা কৰি ৰঙাঘৰৰ আলহী হ'ল এগৰাকী ৬৮ বছৰীয়া বৃদ্ধ
নগাঁও, ১৭ অক্টোবৰ (হি.স.)। ৰূপহীহাটৰ লাওখোৱাত ধৰ্ষণৰ অপচেষ্টা কৰি ৰঙাঘৰৰ আলহী হ''ল এগৰাকী ৬৮ বছৰীয়া বৃদ্ধ। পূজাৰ বতৰত নিকৃষ্ট কাণ্ড ৬৮ বছৰীয়া বৃদ্ধাৰ।এগৰাকী ১২ বছৰীয়া কিশোৰীক চকলেট দিয়াৰ চলেৰে ঘৰত মাতি নি ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ গুৰুত্বৰ অভিযোগ
ৰূপহীহাটৰ লাওখোৱাত ধৰ্ষণৰ অপচেষ্টা কৰি ৰঙাঘৰৰ আলহী হ'ল এগৰাকী ৬৮ বছৰীয়া বৃদ্ধ


নগাঁও, ১৭ অক্টোবৰ (হি.স.)। ৰূপহীহাটৰ লাওখোৱাত ধৰ্ষণৰ অপচেষ্টা কৰি ৰঙাঘৰৰ আলহী হ'ল এগৰাকী ৬৮ বছৰীয়া বৃদ্ধ। পূজাৰ বতৰত নিকৃষ্ট কাণ্ড ৬৮ বছৰীয়া বৃদ্ধাৰ।এগৰাকী ১২ বছৰীয়া কিশোৰীক চকলেট দিয়াৰ চলেৰে ঘৰত মাতি নি ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে আমগান আৰক্ষীয়ে ৬৮ বছৰীয়া বৃদ্ধ মইনা বিশ্বাসক আটক কৰি আনিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত গোচৰ নং ৩০৪/২৬ -ইউ/এছ ৬৪(২)(কে)/৬৫(১) বি এন এছ, আৰ/ডব্লিউ চেক ৬ অৱ পক্সোএক্ট গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ যোজা চলাইছে। এই ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লম্পট প্ৰকৃতিৰ বৃদ্ধ গৰাকীক অতি কঠোৰতম শাস্তি দিয়াৰ বাবে দাবী জনায় পৰিয়ালটোৱে। সম্প্ৰতি এনেধৰণৰ সামাজিক স্খলন প্ৰায়েই দেখা যায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande