
গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। আজি সুনীল কৌশিক, কমাণ্ডেণ্ট, প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ নিৰ্দেশনা আৰু মাৰ্গদৰ্শনত বাহিনী মুখ্য কাৰ্যালয় তথা সকলো সমবায়ত স্বচ্ছতা সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
এই কাৰ্যসূচীৰ সময়ছোৱাত বাহিনীৰ কৰ্মী আৰু স্থানীয় ৰাইজক স্বচ্ছতাৰ গুৰুত্ব, আৱৰ্জনাৰ সঠিক নিষ্কাশন আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়ে সজাগ কৰা হয়। বিশেষকৈ প্লাষ্টিকৰ আৱৰ্জনা আৰু ইলেক্ট্ৰনিক আৱৰ্জনা (ই ৱেষ্ট)-ৰ ফলত পৰিৱেশৰ ওপৰত পৰা ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে তথ্য প্ৰদান কৰা হয়। লগতে, আৱৰ্জনা নিৰ্ধাৰিত স্থানত পেলোৱা, ভিজা আৰু শুকান আৱৰ্জনা পৃথকে পৃথকে ৰখা তথা নিজৰ চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সকলোকে উৎসাহিত কৰা হয়।
এই উপলক্ষে সকলো কৰ্মীক দৈনন্দিন জীৱনত স্বচ্ছতাক এক অবিচ্ছেদ্য অংশ হিচাপে গ্ৰহণ কৰিবলৈ আৰু এখন পৰিষ্কাৰ, স্বাস্থ্যকৰ তথা বহনক্ষম পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনোৱা হয়।
প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰে স্বচ্ছতা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এনেধৰণৰ কাৰ্যসূচী নিয়মীয়াকৈ অনুষ্ঠিত কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী