
মানকাচৰ, ১৭ অক্টোবৰ (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলাৰ অন্তৰ্গত বালাডুবা সংখ্যালঘু অধ্যুষিত অঞ্চলৰ মাথন ১২০টা পৰিয়ালে অতি শান্তি পূৰ্ণ ভাবে হিন্দু- মুছলিম মিলন প্ৰীতিৰে দীৰ্ঘদিনৰ পৰা দুৰ্গাপূজা উৎযাপন কৰি আছে৷যি সময়ত অসমৰ বিভিন্ন ঠাইত সাম্প্ৰদায়িক সমালোচনাই হিন্দু মুছলমানৰ মাজত বিতৰ্ক চলিথকা পৰিলক্ষিত হৈ আছে ৷
সেই সময়তেই কিন্তু দক্ষিণ শালমাৰাৰ বালাডুবাত মাথন ১২০টা হিন্দু পৰিয়ালে শান্তিপূৰ্ণভাবে দীৰ্ঘদিনৰ পৰাই দুৰ্গাপূজা পালন কৰাৰ কথা জানিব দিয়ে উক্ত দুৰ্গা মন্দিৰৰ প্ৰহিত ,পুজাকমিটিৰ সম্পাদক আৰনকি স্থানীয় মুছলমান যুৱকেও৷উক্ত দুৰ্গা মন্দিৰখনেই প্ৰমানকৰিছে যে দক্ষিণ শালমাৰা মানকাচৰ জিলা খন হল হিন্দু - মুছলিমৰ মিলা প্ৰীতিৰ ,সমৃদ্ধিৰ তীৰ্থস্থান ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ