
গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱে (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধক আশীষ বানছালে ১৪ অক্টোবৰ, ২০২৬ তাৰিখে বদৰপুৰৰ পৰা আগৰতলালৈ, আগৰতলাৰ পৰা নিশ্চিন্তপুৰলৈ আৰু আগৰতলাৰ পৰা ছাব্ৰুমলৈ ৰে'লৱেৰ আন্তঃগাঁথনি পৰিদৰ্শন কৰে। বদৰপুৰৰ পৰা আৰম্ভ হোৱা এই পৰিদৰ্শনৰ সময়ত তেওঁ উক্ত পথসমূহৰ সমগ্ৰ অংশ পৰিদৰ্শন কৰাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃত পৰ্যালোচনা আৰু আলোচনা কৰে।
পৰিদৰ্শনৰ সময়ত আশীষ বানছালে চলি থকা নিৰ্মাণকাৰ্য আৰু ৰে'লপথ, সেঁতু সহ বৰ্তমানৰ ৰেলৱে আন্তঃগাঁথনি আৰু ইয়াৰ সৈতে জড়িত সুৰক্ষাৰ দিশসমূহ পৰ্যালোচনা কৰে। তেওঁ বিভিন্ন নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ মূল্যায়ন কৰি সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰাৰ ৰে'লৱেৰ সম্পদসমূহৰ সুৰক্ষা, গুণগত মানদণ্ড, সময়মতে কাম সম্পূৰ্ণ কৰি যথাযথ ৰক্ষণাবেক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
আশীষ বানছালে কুমাৰঘাট–আগৰতলা খণ্ডত নিৰ্মাণাধীন উৰণীয়া সেতুসমূহৰ স্থিতি পৰ্যালোচনা কৰে। এই সেতুসমূহৰ মূল উদ্দেশ্য হৈছে লেভেল ক্ৰছিংসমূহৰ অপসাৰণ, পথৰ সুৰক্ষা বৃদ্ধি কৰি জনসাধাৰণৰ যাতায়াতৰ সুবিধা উন্নত কৰা। কুমাৰঘাট–আগৰতলা প্ৰকল্পৰ দ্বিতীয় সংশোধিত ব্যয় প্ৰাক্কলনৰ অধীনত মুঠ ২৩খন উৰণীয়া সেতু অনুমোদন কৰা হৈছে। ইয়াৰে ১২খন সেতুৰ নিৰ্মাণৰ বাবে ঠিকা প্ৰদান কৰা হৈছে আৰু সেইসমূহৰ নিৰ্মাণকাৰ্য বৰ্তমানে চলি আছে। তেওঁ সংশ্লিষ্ট বিষয়াবৰ্গক চলিত বিত্তীয় বৰ্ষৰ ভিতৰত ৮খন উৰণীয়া সেতু কাৰ্যক্ষম কৰি তোলাৰ লগতে আন ৩খন সেতুৰ ৰে'লৱে অংশৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
তেওঁ ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে ভূমি অধিগ্ৰহণ আৰু বাকী থকা বিষয়সমূহৰ দ্ৰুত নিষ্পত্তিৰ জৰিয়তে অৱশিষ্ট উৰণীয়া সেতুসমূহৰ নিৰ্মাণকাৰ্য ত্বৰান্বিত কৰিবলৈও বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। ইয়াৰে ৩খন উৰণীয়া সেতু গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰি আছে আৰু আন এখন সেতুৰ নিৰ্মাণৰ দায়িত্ব ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে গ্ৰহণ কৰিছে। এই সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি ৰে'লৱে-সম্পৰ্কীয় সমস্যাসমূহৰ তাৎক্ষণিক সমাধান নিশ্চিত কৰিবলৈ ৰে'লৱেৰ বিষয়াবৰ্গক তেখেতে নিৰ্দেশ দিয়ে। যিসমূহ উৰণীয়া সেতুৰ বাবে এতিয়াও নিৰ্মাণকাৰী সংস্থা নিযুক্ত কৰা হোৱা নাই, সেইসমূহৰ ক্ষেত্ৰত ভূমিৰ প্ৰয়োজনীয়তা হ্ৰাস কৰি নিৰ্মাণকাৰ্য দক্ষতাৰে সম্পন্ন কৰাৰ উদ্দেশ্যে আল্ট্ৰা-হাই-পাৰফৰমেন্স কংক্ৰিট ব্যৱহাৰকে ধৰি উদ্ভাৱনীমূলক আৰু আধুনিক নিৰ্মাণ প্ৰযুক্তিৰ ব্যৱহাৰৰ সম্ভাৱনা নিৰীক্ষণ কৰিবলৈ মহাপ্ৰবন্ধকে নিৰ্দেশ দিয়ে।
আশীষ বানছালে আগৰতলা–আখাউৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ৰে'ল প্ৰকল্পটোও পৰিদৰ্শন কৰি অৱশিষ্ট নিৰ্মাণ কাৰ্যসমূহৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে নিশ্চিন্তপুৰ ৰে'লৱে ষ্টেচন ভ্ৰমণ কৰে। যাত্ৰীবাহী ৰে'লৰ চলাচল অতি সোনকালে আৰম্ভ কৰিব পৰাকৈ বাকী থকা নিৰ্মাণ কাৰ্যসমূহ ত্বৰান্বিত কৰি সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিয়ে।
আগৰতলা–আখাউৰা প্ৰকল্পটো ভাৰত–বাংলাদেশৰ মাজৰ এক গুৰুত্বপূৰ্ণ সীমান্তৱৰ্তী ৰে'ল সংযোগ প্ৰকল্প যি আঞ্চলিক সংযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে ভাৰত চৰকাৰৰ ‘এক্ট ইষ্ট নীতি’ ৰূপায়ণত সহায় কৰিব বুলি আশা কৰা হৈছে।
আগৰতলা–ছাব্ৰুম খণ্ড পৰিদৰ্শনৰ সময়ত শ্ৰী আশীষ বানছালে ৰে'লৱেৰ আন্তঃগাঁথনি, সুৰক্ষা ব্যৱস্থা আৰু ৰক্ষণাবেক্ষণৰ কামকাজসমূহ পৰ্যালোচনা কৰাৰ লগতে ৰে'লৱেৰ সম্পদসমূহৰ সুৰক্ষা, নিৰ্ভৰযোগ্যতা আৰু দক্ষতাৰে ৰক্ষণাবেক্ষণ নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াবৰ্গক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে।
আশীষ বানছালে মইনাৰবন্দ–আগৰতলা দ্বৈত ৰে'লপথ নিৰ্মাণৰ জৰীপৰ অগ্ৰগতিও নিৰীক্ষণ কৰে। এই প্ৰকল্পৰ চূড়ান্ত স্থান জৰীপ সম্পূৰ্ণ হৈছে আৰু বিস্তৃত প্ৰকল্প প্ৰতিবেদন অনুমোদনৰ বাবে ৰে'লৱে ব'ৰ্ডলৈ প্ৰেৰণ কৰা হৈছে। প্ৰস্তাৱিত দ্বৈত ৰে'লপথ নিৰ্মাণে ভৱিষ্যতে বৃদ্ধি হবলগীয়া ৰে'ল পৰিবহণৰ চাহিদা পূৰণ কৰাৰ লগতে অঞ্চলটোৰ ৰে'লপথৰ পৰিবহণ ক্ষমতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। অৱশ্যে, এই কাম অনুমোদন আৰু ৰূপায়ণৰ ওপৰত নিৰ্ভৰশীল।
এই পৰিদৰ্শনে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ (নিৰ্মাণ) ৰ নিৰ্মাণাধীন আন্তঃগাঁথনি প্ৰকল্পসমূহৰ কাম ত্বৰান্বিতকৰণ, ৰে'লৱেৰ সুৰক্ষা ব্যৱস্থা শক্তিশালীকৰণ তথা পৰিচালনগত দক্ষতা উন্নত কৰাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে। এই পদক্ষেপসমূহে যাত্ৰীসকলৰ সুবিধা বৃদ্ধি কৰি সংযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী