ডিগবৈ চহৰৰ বৰবিলত দুই বিঘা মাটিত থলুৱা বজাৰ মুকলি
তিনিচুকীয়া, ১৭ অক্টোবৰ (হি.স.)। ডিগবৈ চহৰৰ বৰবিলত দুই বিঘা মাটিত থলুৱা বজাৰ মুকলি। ডিগবৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাচ আস্থানৰ অ-ব্যৱহিত ঠাইত নিৰ্মাণ কৰা থলুৱা বজাৰখন মুকলি কৰে ডিগবৈ বিধায়ক সুৰেণ ফুকনে।প্ৰায় ৬ লাখ টকাৰে নিৰ্মাণ কৰা বজাৰখনত আজি থ
ডিগবৈ চহৰৰ বৰবিলত দুই বিঘা মাটিত থলুৱা বজাৰ মুকলি


তিনিচুকীয়া, ১৭ অক্টোবৰ (হি.স.)। ডিগবৈ চহৰৰ বৰবিলত দুই বিঘা মাটিত থলুৱা বজাৰ মুকলি।

ডিগবৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাচ আস্থানৰ অ-ব্যৱহিত ঠাইত নিৰ্মাণ কৰা থলুৱা বজাৰখন মুকলি কৰে ডিগবৈ বিধায়ক সুৰেণ ফুকনে।প্ৰায় ৬ লাখ টকাৰে নিৰ্মাণ কৰা বজাৰখনত আজি থলুৱা শাক-পাচলিৰ ব্যৱসায়ী আৰু গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হয়। বজাৰ উদ্বোধনী অনুষ্ঠানত ডিগবৈ বিধায়কৰ সৈতে ডিগবৈ সমজিলাৰ আয়ুক্ত ফিলিছ ভি এল হ্ৰাংচাল,সমজিলাৰ আৰক্ষী অধীক্ষক হিমাশু গোহাই, ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়া, ডিগবৈ পৌৰসভাৰ পৌৰপতি সুদীপ্ত দত্ত চৌধুৰী, উপ-পৌৰপতি ডিম্পী সোনোৱাল, ডিগবৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা ফুকন বৈৰাগী, উপ-সভানেত্ৰী প্ৰিয়ংকা বৰুৱা, ৱাৰ্ড কমিছনাৰ দেৱব্ৰত দাস, অনামিকা দাস দে, জয়দীপ চক্ৰৱৰ্তী, জ্যেষ্ঠ বিজেপি কৰ্মী ৰাজু বৰা, অভিযন্ত্ৰা বিকাশ গগৈ, প্ৰদীপ বৰা আদি যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande