সত্ৰনগৰী মাজুলীত ধৰ্মীয় পৰম্পৰাৰে কাতি বিহু পালনৰ প্ৰস্তুতি
মাজুলী, ১৭ অক্টোবৰ (হি.স.)। কালিলৈ অসমীয়াৰ বাপতিসাহোন কাতি বিহু । সমগ্ৰ অসমৰ লগতে মাজুলীতো পালন কৰিব কাতি বিহু। সত্ৰনগৰী মাজুলীত কাতি বিহুক অৰ্থাৎ শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয়। কাতি বিহু, ৰাসোৎসৱ, আৰু পালনাম মুখ্য ধৰ্মীয় উৎসৱ সত্ৰনগৰী মাজুল
সত্ৰনগৰী মাজুলীত ধৰ্মীয় পৰম্পৰাৰে কাতি বিহু পালনৰ প্ৰস্তুতি


মাজুলী, ১৭ অক্টোবৰ (হি.স.)। কালিলৈ অসমীয়াৰ বাপতিসাহোন কাতি বিহু । সমগ্ৰ অসমৰ লগতে মাজুলীতো পালন কৰিব কাতি বিহু। সত্ৰনগৰী মাজুলীত কাতি বিহুক অৰ্থাৎ শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয়। কাতি বিহু, ৰাসোৎসৱ, আৰু পালনাম মুখ্য ধৰ্মীয় উৎসৱ সত্ৰনগৰী মাজুলীৰ । ৩৭৩ বছৰীয়া পৰম্পৰাৰে ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ আকাশত কালিলৈ সন্ধিয়া প্ৰজ্বলিত হ'ব ২১ যোৰা আকাশ বন্তী।

সত্ৰৰ ভকত বৈষ্ণৱ সকলে প্ৰস্ততি চলাইছে আকাশবন্তী নিৰ্মাণত। কাতি বিহু উপলক্ষে অসমীয়া প্ৰত্য়েক পৰিয়ালে ঘৰৰ চৌহদত তুলসী গছৰ তলত

চাকি জ্বলাই,নাম প্ৰসংগ কৰি উদযাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande