সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিভিন্ন দাবী উত্থাপন
লক্ষীমপুৰ, ১৫ অক্টোবৰ (হি.স.)। সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিভিন্ন দাবী উত্থাপন। আজি অনুষ্ঠিত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ এক সংবাদমেলৰ জৰিয়তে ১১ দফীয়া দাবী পুৰনৰ আহ্বান৷ সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি ধৰনীধৰ বৰাই সম্বোধ
সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিভিন্ন দাবী উত্থাপন


লক্ষীমপুৰ, ১৫ অক্টোবৰ (হি.স.)। সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিভিন্ন দাবী উত্থাপন। আজি অনুষ্ঠিত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ এক সংবাদমেলৰ জৰিয়তে ১১ দফীয়া দাবী পুৰনৰ আহ্বান৷

সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি ধৰনীধৰ বৰাই সম্বোধন কৰা সংবাদমেলত সুলভ মূল্যৰ ব্যৱসায়ী সকলে ভূগী অহা কেইবাটাও সমস্যা সমাধানৰ বাবে চৰকাৰক আহ্বান জনাই সংবাদমেলৰ জৰিয়তে৷

দাবী সমূহ বিনামুলীয়া চাউল বিতৰনৰ কমিচন প্ৰতি কুইন্টলত ৩০০ টকালৈ বৃদ্ধি কৰা,ব্যৱসায়ী সকলৰ মাহেকীয়া পাৰিতোষিক ৩০ হাজাৰকৈ দিয়া ব্যৱস্থা কৰা,অন্ন সেৱাৰ দিনত দোকান ১ তাৰিখৰ পৰা ১০ তাৰিখলৈকে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে সামগ্ৰী বিতৰন সম্ভৱ হব কিন্তু চৰকাৰে নিদ্ধাৰণ কৰা ১৬ ঘন্টা অবিৰত বিতৰন সম্ভৱ নহব,এবাৰ আঙুলি চাপতে চাউল,দাইল আৰু চেনি বিতৰনৰ অনুমতি প্ৰদান কৰা,টাইদ অ’ভাৰ আটা EPOS মেচিনৰ যোগেদি হিতাধিকাৰীক বিতৰনৰ ব্যৱস্থা নিশ্চিত কৰা,ৰাজসাহায্য যুক্ত কেৰাচিন তেল সুলভ মুল্য দোকানৰ যোগেদি বিতৰনৰ ব্যৱস্থা কৰা,বানপানীত শিৱসাগৰ,নাজিৰা আৰু চৰাইদেউ অঞ্চলত ক্ষতিগ্ৰস্থ হোৱা সুলভ মুল্যৰ দোকান গৃহ মেৰামতি ৰ বাবে ক্ষতিপুৰন দিয়াৰ ব্যৱস্থা কৰা,ব্যৱসায়ী সকলৰ ইলেক্ট্ৰনিক কাটাৰ

চৰকাৰী নবীকৰনৰ মাচুল ৰেহাই দিয়াৰ ব্যৱস্থা কৰা,ক’ভিদ মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আচনিৰ অধিনত বিতৰন কৰা দাইল আৰু চানাৰ বকেয়া কমাচন আদায় দিয়াৰ ব্যৱস্থা কৰা, ২০০৮ চনৰ পৰা ২০১৫ চনৰ নবেম্বেৰ মাহলৈকে পাব লগা বকেয়া আৰু মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনা আচনিৰ অধিনত বিতৰন কৰাৰ বকেয়া কমিছন শীঘ্ৰে মুকলি কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক সংবাদমেলৰ জৰিয়তে দাবী জনাই৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande